• Home
  • অসম
  • বৰপথাৰত চাঞ্চল্যকৰ ঘটনা, ২ মহিলাক হত্যাৰ চেষ্টা

বৰপথাৰত চাঞ্চল্যকৰ ঘটনা, ২ মহিলাক হত্যাৰ চেষ্টা

সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ ১০ নং ৱাৰ্ডত বিশ্বকৰ্মা পূজাৰ দিনটোতে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ১০ নং ৱাৰ্ডৰ এগৰাকী ব্যক্তিয়ে দুগৰাকী কৈ মহিলাক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়।

অজিত ৰাজপুত নামৰ ব্যক্তিজনে মমতা দে’ আৰু তেওৰ জীয়ৰী প্ৰিয়ংকা দে’ক মূৰত আৰু হাতত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে।

উল্লেখযোগ্য যে, অজিত ৰাজপুতে সদায়ে পৰিয়ালটোক কাটিম বুলি ভাবুকি দি থাকে। বুধবাৰে দিনৰ ২ মান বজাত শুই থকা অৱস্থাত দৰ্জা ঠেলি গৈ মাক-জীয়েকক ঘপিয়াই গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত কৰে৷

গুৰুতৰভাৱে আহত মাতৃ আৰু কন্যাক সংকটজনক অৱস্থাত সৰুপথাৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজিছে দুই মহিলাই।

উল্লেখযোগ্য যে, ঘটনা সংঘটিত কৰি হাতত দা লৈ অভিযুক্ত অজিত ৰাজপুত পলায়ন কৰে। ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ অনুসন্ধান চলাই দাখন উদ্ধাৰ কৰাৰ লগতে সন্ধিয়া অভিযুক্ত অজিত ৰাজপুতক কৰায়ত্ত কৰে।

Releated Posts

এসপ্তাহৰ ভিতৰতে দেশত পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক এসপ্তাহৰ ভিতৰতে দেশত পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি…

ByByMahesh Malakar May 19, 2026

মছজিদৰ আজানৰ দৰে শংখ- ঘণ্টাৰ শব্দৰ পৰাও অসুবিধা হয়

মুছলমানে আজান দিলে যেনেকৈ অসুবিধা হয় তেনেকৈয়ে যিকোনো সময়ত ঘণ্টা শংখ বজালে পঢ়া শুনাত অসুবিধা হয় মছজিদৰ আজানৰ…

ByByMahesh Malakar May 19, 2026

মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অস্বাভাৱিক মূল্যবৃদ্ধি কৰিলেই বিপদ নিশ্চিত ব্যৱসায় ৬ টাকৈ কঠোৰ নিৰ্দেশনা বান্ধি…

ByByMahesh Malakar May 19, 2026

এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী

এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী জামিন বিচাৰি আৱেদন শেখৰজ্যোতি গোস্বামীৰ নিৰ্বাচন অন্ত পৰাৰ লগে…

ByByMahesh Malakar May 18, 2026
Scroll to Top