• Home
  • অসম
  • বৰপথাৰত চাঞ্চল্যকৰ ঘটনা, ২ মহিলাক হত্যাৰ চেষ্টা

বৰপথাৰত চাঞ্চল্যকৰ ঘটনা, ২ মহিলাক হত্যাৰ চেষ্টা

সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ ১০ নং ৱাৰ্ডত বিশ্বকৰ্মা পূজাৰ দিনটোতে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ১০ নং ৱাৰ্ডৰ এগৰাকী ব্যক্তিয়ে দুগৰাকী কৈ মহিলাক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়।

অজিত ৰাজপুত নামৰ ব্যক্তিজনে মমতা দে’ আৰু তেওৰ জীয়ৰী প্ৰিয়ংকা দে’ক মূৰত আৰু হাতত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে।

উল্লেখযোগ্য যে, অজিত ৰাজপুতে সদায়ে পৰিয়ালটোক কাটিম বুলি ভাবুকি দি থাকে। বুধবাৰে দিনৰ ২ মান বজাত শুই থকা অৱস্থাত দৰ্জা ঠেলি গৈ মাক-জীয়েকক ঘপিয়াই গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত কৰে৷

গুৰুতৰভাৱে আহত মাতৃ আৰু কন্যাক সংকটজনক অৱস্থাত সৰুপথাৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজিছে দুই মহিলাই।

উল্লেখযোগ্য যে, ঘটনা সংঘটিত কৰি হাতত দা লৈ অভিযুক্ত অজিত ৰাজপুত পলায়ন কৰে। ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ অনুসন্ধান চলাই দাখন উদ্ধাৰ কৰাৰ লগতে সন্ধিয়া অভিযুক্ত অজিত ৰাজপুতক কৰায়ত্ত কৰে।

Releated Posts

ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ

কংগ্ৰেছত যোগদানৰ দুদিন পিছতেই আজি ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ ‘জাতিতকৈ দল বা ব্যক্তি ডাঙৰ নহয়’ কংগ্ৰেছ…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহু

আজি ভোগালী বিহু ভোগ-ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ সমগ্ৰ ৰাজ্যতে চলিছে ভোগালীৰ বিহুৰ ব্যাপক প্ৰস্তুতি। আজি ভোগালীৰ উৰুকা।…

ByByMahesh Malakar Jan 13, 2026

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল…

ByByMahesh Malakar Jan 13, 2026
Scroll to Top