• Home
  • অপৰাধনামা
  • জাগীৰোড আমলিঘাটৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত তিনিশ মইনাই একেলগে পৰিবেশন কৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে ’’

জাগীৰোড আমলিঘাটৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত তিনিশ মইনাই একেলগে পৰিবেশন কৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে ’’

বৃত্তিগত গো-সেৱাৰ শতবৰ্ষৰ দুৱাৰডলিত উপনিত হোৱা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ ৷ সীতাজখলাৰ আহ্বান মৰ্মে প্ৰায় তিনিশ মইনাই একেলগে পৰিৱেশন কৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” ৷ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এই বৰ্ণাঢ্য আয়োজন সীতাজখলাৰ ৷ সীতাজখলা, বনগাঁও আৰু উদমাৰি মইনা পাৰিজাতৰ লগতে “বিদ্যালয়লৈ যাঁও ব’লা” ড্ৰপ আউট অভিযানৰ মইনা চেমনীয়া সকলে উদ্যোগ লয় উক্ত অনুষ্ঠানৰ ৷ জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সুধাকণ্ঠ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আগন্তুক দিনতো কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক এনকাউণ্টাৰ কৰক

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক এনকাউণ্টাৰ কৰক চাৰ্জশ্বীট দাখিলৰ পাছতে শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য জুবিন…

ByByMahesh MalakarDec 18, 2025
Scroll to Top