• Home
  • অপৰাধনামা
  • জাগীৰোড আমলিঘাটৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত তিনিশ মইনাই একেলগে পৰিবেশন কৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে ’’

জাগীৰোড আমলিঘাটৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত তিনিশ মইনাই একেলগে পৰিবেশন কৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে ’’

বৃত্তিগত গো-সেৱাৰ শতবৰ্ষৰ দুৱাৰডলিত উপনিত হোৱা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ ৷ সীতাজখলাৰ আহ্বান মৰ্মে প্ৰায় তিনিশ মইনাই একেলগে পৰিৱেশন কৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” ৷ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এই বৰ্ণাঢ্য আয়োজন সীতাজখলাৰ ৷ সীতাজখলা, বনগাঁও আৰু উদমাৰি মইনা পাৰিজাতৰ লগতে “বিদ্যালয়লৈ যাঁও ব’লা” ড্ৰপ আউট অভিযানৰ মইনা চেমনীয়া সকলে উদ্যোগ লয় উক্ত অনুষ্ঠানৰ ৷ জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সুধাকণ্ঠ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আগন্তুক দিনতো কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷

Releated Posts

এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী

এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী জামিন বিচাৰি আৱেদন শেখৰজ্যোতি গোস্বামীৰ নিৰ্বাচন অন্ত পৰাৰ লগে…

ByByMahesh Malakar May 18, 2026

বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা

বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা নিৰ্দেশনা অমান্য কৰিলেই যাব লাগিব জে’ললৈ ভৰিব লাগিব জৰিমনা ঈদ-উল-আজহাত মুছলমানে…

ByByMahesh Malakar May 17, 2026

বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা

বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা নিৰ্দেশনা অমান্য কৰিলেই যাব লাগিব জে’ললৈ ভৰিব লাগিব জৰিমনা ঈদ-উল-আজহাত মুছলমানে…

ByByMahesh Malakar May 17, 2026

আৰম্ভ হ’ল আৰ জি কৰ কাণ্ডৰ তদন্ত

আৰম্ভ হ’ল আৰ জি কৰ কাণ্ডৰ তদন্ত মমতাই ধ্বংস কৰা বংগ ঠিক কৰাত নামিছে বিজেপি চৰকাৰ আৰ জি…

ByByMahesh Malakar May 16, 2026
Scroll to Top