নিশাৰ মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা।

মহানগৰীৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু নিৰ্ভীক আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ। মাতৃৰ বিয়োগৰ শোক মাৰ নৌযাওঁতেই দুৰ্ঘটনাত আৰক্ষী বিষয়াৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল এগৰাকী আৰক্ষী বিষয়া বিৰিঞ্চি দাস। মাজনিশা মহানগৰীৰ লালমাটিত তীব্ৰ বেগী AS01 AY 9101নম্বৰৰ এখন চুইফট বাহনে মহটিয়াই নিয়ে স্কুটীত থকা ঘগ্ৰাপাৰ আৰক্ষী বিষয়া বিৰিঞ্চি দাসক। ফলত, নিমিষতে পূৰ্ণ বিচূৰ্ণ হৈ পৰে স্কুটীখন। আনহাতে, স্কুটী খনত খুন্দা মাৰি চুইফট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে।দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চুইফট বাহনখনৰ চালকজনে। ঘটনা সংঘটিত হোৱা দেখা পায় আৰক্ষী বিষয়া গৰাকীক স্থানীয় লোকে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে বিষয়া গৰাকীক মৃত ঘোষণা কৰে।