টৰ’ণ্ট বিমানবন্দৰত বৰফৰ মাজত ভয়ংকৰ বিমান দুৰ্ঘটনা: অগ্নিকাণ্ডৰ মাজত ৰক্ষা পৰিল ৮০ জন যাত্ৰী

টৰ’ণ্ট: কানাডাৰ টৰ’ণ্ট বিমানবন্দৰত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুর্ঘটনা। ডেল্টা এয়াৰলাইন্সৰ এখন বিমান মঙলবাৰে অবতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হয়। সৌভাগ্যক্রমে, বিমানখনত থকা ৮০ গৰাকী যাত্ৰীয়ে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।

বিমানবন্দৰটো বৰফে আৱৰি থকা অৱস্থাত বিমানখন অৱতৰণ কৰিবলৈ চেষ্টা কৰি আছিল। অৱতৰণৰ সময়তে বিমানখন উলটি যায় আৰু ফলস্বৰূপে অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীত উপস্থিত উদ্ধাৰকাৰী দল তৎক্ষণাত অগ্নি নিৰ্বাপনৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু যাত্ৰীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে।

ঘটনাটোত গুৰুতৰভাৱে আহত ১৮ গৰাকী যাত্রীক নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয়। হাস্পতাল সূত্রে জনা গৈছে যে কিছুমান যাত্ৰীৰ অৱস্থা সংকটজনক হৈ আছে।

বিমানবন্দৰ কৰ্তৃপক্ষই ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক তদন্তত বৰফাবৃত রানৱে আৰু বিমানৰ টেকনিকেল ত্ৰুটিক সম্ভাব্য কাৰণ হিচাপে ধৰা হৈছে।

এই দুৰ্ঘটনাই বিমানবন্দৰ পৰিচালন প্ৰক্ৰিয়া আৰু সুৰক্ষাব্যৱস্থাৰ ওপৰত নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে।