অপেক্ষাৰ অৱসান ঘটাই চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা ভাৰতীয় দল ।

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক ৰোহিত শৰ্মাই সংবাদ মেল যোগে ঘোষণা কৰে ভাৰতীয় দল।৭খন দেশে ইতিমধ্যে ICC চেম্পিয়নছ ট্ৰফীৰ বাবে দল ঘোষণা কৰিছে। অৱশেষত ভাৰতেও চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰিলে দল ।ভাৰতীয় দলটোত থাকিব ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল (সহঃ অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়ছ আয়াৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, অৰ্শদীপ সিং, যশস্বী জয়ছোৱাল, ঋষভ পণ্ট, ৰবীন্দ্ৰ জাদেজা আনফালে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া দলটোত থাকিব ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল (সহঃ অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়ছ আয়াৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, অৰ্শদীপ সিং, যশস্বী জয়ছোৱাল, ঋষভ পণ্ট, ৰবীন্দ্ৰ জাদেজা। চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ সহঃ অধিনায়কৰ দায়িত্ব লাভ কৰিছে শুভমন গিলে। টেষ্ট ক্ৰিকেট আৰু টী-২০ ক্ৰিকেট চমকপ্ৰদ প্ৰদৰ্শন কৰাৰ পিছতে ভাৰতীয় এদিনীয়া দলত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিছে যুৱ তাৰকা যশস্বী জয়ছোৱালে। আনফালে ২০২৩ৰ বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰা মহম্মদ ছিৰাজ বাদ পৰিল চেম্পিয়নছ ট্ৰফীৰ দলৰ পৰা। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলত স্থান লাভ কৰিছে বেগী বলাৰ হৰ্ষিত ৰানাই। ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে বুমৰাহ সুস্থ হোৱাৰ সম্ভাৱনা ক্ষীণ। সেয়ে ভাৰতীয় দলত স্থান দিয়া হৈছে হৰ্ষিত ৰানাক।