• Home
  • অসম
  • কেতিয়া হ’ব ২০২৬ৰ বিধানসভা নিৰ্বাচন
Image

কেতিয়া হ’ব ২০২৬ৰ বিধানসভা নিৰ্বাচন

কেতিয়া হ’ব ২০২৬ৰ বিধানসভা নিৰ্বাচন

শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তাৰোপৰি সভাত উপস্থিত কাৰ্যকৰ্তাসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত ১০ বছৰৰ চৰকাৰী সাফল্যৰ খতিয়ান দাঙি ধৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৮০০ কাৰ্যকৰ্তাৰ লগতে সকলো সাংসদ আৰু বিধায়কৰ উপস্থিতিত এই সভাতে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে ২০২৬ৰ নিৰ্বাচনৰ বাবে সাংগঠনিক ব্লু-প্ৰিণ্ট প্ৰস্তুত কৰা হয়।

বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “পূৰ্বতে মানুহক বুজোৱা হৈছিল যে প্ৰতিবাদ নকৰিলে একো পোৱা নাযায়। কিন্তু বিজেপি অগ্ৰাধিকাৰ সদায় উন্নয়ন। সেয়েহে, আজি ৰাজ্যৰ বিভিন্ন জিলাত চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হৈছে।”

নিয়োগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, ১.৫ লাখ চাকৰিৰ লক্ষ্য লৈ আগবাঢ়িছিল যদিও ৫ বছৰৰ অন্তত চৰকাৰে ২ লাখ লোকক নিযুক্তি দিবলৈ সক্ষম হৈছে। তেওঁৰ মতে, উন্নয়ন আৰু অস্তিত্বৰ সুৰক্ষা দুয়োটা বিষয় চৰকাৰৰ বাবে সমানেই গুৰুত্বপূৰ্ণ।

Releated Posts

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ কোটি কোটি…

ByByMahesh Malakar Apr 30, 2026

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত জুবিন গাৰ্গক শ্যামকানু মহন্তই হত্যা কৰা নাই শ্যমকানুৱে নিৰ্দোষী মানুহক জেলত…

ByByMahesh Malakar Apr 30, 2026

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL অসমত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ অধিকাংশ আগশাৰীৰ সংস্থাৰ ৰ মতে…

ByByMahesh Malakar Apr 30, 2026

কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL

এইবাৰ কোনে গঠন কৰিব চৰকাৰ কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিব…

ByByMahesh Malakar Apr 29, 2026
Scroll to Top