Image

খেৰণিৰ কাণ্ডক লৈ আজি ত্ৰিপাক্ষিক বৈঠক

খেৰণিৰ কাণ্ডক লৈ আজি ত্ৰিপাক্ষিক বৈঠক

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত উত্তেজনাময় পৰিস্থিতিক লৈ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। উক্ত ত্ৰিপাক্ষিক আলোচনাখন প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত অনুষ্ঠিত হ’ব।

দিছপুৰত মুখ্যমন্ত্ৰীৰ সৈতে হ’বলগীয়া এই বৈঠকত কাৰ্বি যুৱ নেতা লিটচন ৰংফাৰৰ নেতৃত্বত আন্দোলনকাৰী প্ৰতিনিধিবৰ্গ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকিব।

বৈঠকত স্বায়ত্ত শাসিত পৰিষদৰ ২৬ টা সমষ্টিত একোজনকৈ প্রতিনিধিও উপস্থিত থাকিব। মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে কালি সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে। তেওঁ কয় যে, আলাপ-আলোচনাৰ মাজেৰে খেৰণিৰ সমস্যা সমাধানৰ চেষ্টা চলোৱা হ’ব। বৈঠকত কাৰ্বি পাহাৰৰ দুয়োখন জিলাৰ পিজিআৰ আৰু ভিজিআৰ ভূমিত বেদখল উচ্ছেদৰ ব্যৱস্থা আৰু পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হ’ব।

খেৰণিৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈছে। কালিৰ দিনটোত অঞ্চলটোত কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই। সেনা-আৰক্ষীয়ে পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বিগত দিনকেইটাত সৃষ্টি হোৱা আতংকময় পৰিস্থিতিৰ পাছত অঞ্চলটোলৈ ক্ৰমাৎ শান্তি ঘূৰি আহিছে। পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত সাধাৰণ জীৱনযাত্ৰা আৰম্ভ হৈছে। অঞ্চলটোৰ দুই-এখন ব্যৱসায়িক প্ৰতিষ্ঠানো খোলা পৰিলক্ষিত হৈছে।

Releated Posts

ই ডিৰ সন্মুখত ধন সৰবৰাহৰ গোচৰত উপস্থিত অনিল আম্বানী

ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে বৃহস্পতিবাৰে নতুন দিল্লীস্থিত বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সন্মুখত ধন সৰৱৰাহৰ গোচৰত উপস্থিত হয়…

ByByMahesh Malakar Feb 26, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাই দিলে এটা ভাল খবৰ

বাবু সকললৈ ভাল খবৰ ।২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি…

ByByMahesh Malakar Feb 26, 2026

বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি তিতাবৰত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

২৮ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ আৰ্শীবাদ ল’বলৈ ওলাব বিজেপি প্ৰাৰ্থী ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ…

ByByMahesh Malakar Feb 26, 2026

গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ

গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈক ঘেৰাও কংগ্ৰেছীৰ অজাপক সৰুপথাৰ সমষ্টি…

ByByMahesh Malakar Feb 26, 2026
Scroll to Top