• Home
  • অসম
  • আজি বছৰৰ অন্তিমটো দিন
Image

আজি বছৰৰ অন্তিমটো দিন

আজি বছৰৰ অন্তিমটো দিন। পুৰণি বিদায় দি নতুনক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। পোৱা–নোপোৱাৰ হিচাপৰ মাজেৰে আৰু কেইটামান ঘণ্টাৰ পাছতে বিদায় ল’ব ২০২৫ বৰ্ষই। ২০২৫ বৰ্ষক বিদায় দি সকলোৱে আদৰি ল’ব ২০২৬ বৰ্ষক।
পুৱাৰে পৰা মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ। কোনোৱে যদি আৰি মাছ কিনিছে আন কোনোৱে বাহু, ভকুৱা লৈছে। সকলোৱে বছৰটোৰ শেষত লগে ভাগে এসাজ খাবলৈ চলাইছে ব্যাপক আয়োজন।

উজান বজাৰৰ মাছৰ বজাৰত দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভিৰ। পছন্দৰ মাছ কিনিবলৈ পুৱাই বজাৰত ভিৰ গ্ৰাহকৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা মাছ আহে উজান বজাৰৰ এই বিখ্যাত মাছ বজাৰলৈ। ভিন্ন প্ৰজাতিৰ সৰু–বৰ মাছেৰে উভৈনদী উজান বজাৰৰ মাছঘাট। প্ৰচণ্ড শীতৰ মাজতে পুৱাই মাছ কিনিবলৈ ওলাই আহিছে ৰাইজ।

Releated Posts

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ কোটি কোটি…

ByByMahesh Malakar Apr 30, 2026

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত জুবিন গাৰ্গক শ্যামকানু মহন্তই হত্যা কৰা নাই শ্যমকানুৱে নিৰ্দোষী মানুহক জেলত…

ByByMahesh Malakar Apr 30, 2026

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL অসমত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ অধিকাংশ আগশাৰীৰ সংস্থাৰ ৰ মতে…

ByByMahesh Malakar Apr 30, 2026

কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL

এইবাৰ কোনে গঠন কৰিব চৰকাৰ কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিব…

ByByMahesh Malakar Apr 29, 2026
Scroll to Top