• Home
  • অসম
  • জাগীৰোডত তিনিশ কণমানিয়ে একেলগে গালে ‘মানুহে মানুহৰ বাবে’ গীত
Image

জাগীৰোডত তিনিশ কণমানিয়ে একেলগে গালে ‘মানুহে মানুহৰ বাবে’ গীত

জাগীৰোডত তিনিশ কণমানিয়ে একেলগে গালে ‘মানুহে মানুহৰ বাবে’ গীত

জাগীৰোড আমলিঘাটৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত তিনিশ কণমানিয়ে একেলগে পৰিৱেশন কৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’।

বৃত্তিগত গো-সেৱাৰ শতবৰ্ষৰ দুৱাৰডলিত উপনীত হোৱা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ৷ সীতাজখলাৰ আহ্বানমৰ্মে প্ৰায় তিনিশ কণমানিয়ে একেলগে পৰিৱেশন কৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’। ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এই বৰ্ণাঢ্য আয়োজন সীতাজখলাৰ৷

সীতাজখলা, বনগাঁও আৰু উদমাৰি মইনা পাৰিজাতৰ লগতে ‘বিদ্যালয়লৈ যাঁও ব’লা’ ড্ৰপ আউট অভিযানৰ মইনা চেমনীয়াসকলে উদ্যোগ লয় উক্ত অনুষ্ঠানৰ৷

জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷

ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সুধাকণ্ঠ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আগন্তুক দিনতো কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top