Image

এইবাৰ বৰপেটাত গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক

জানিব পৰা মতে, বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি ফুটালে গুলী ।

আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় বৰপেটা জিলাৰ মাইলকুছিৰ ৩২ বছৰীয়া আনোৱাৰ হুছেইন ৷ শনিবাৰে নিশা আৰক্ষীৰ হাতৰ পৰা আনোৱাৰ হুছেইনে পলাই যাবলৈ চেষ্টা কৰোতে বৰপেটা আৰক্ষীয়ে চলায় বন্দুক ৷ শনিবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনাটো ।

উল্লেখ্য যে, যোৱা ৬ নৱেম্বৰত তাৰাবাৰী আৰক্ষীয়ে এখন অ’ল্টো বাহনৰ পৰা ১১ টাকৈ সন্দেহযুক্ত হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছিল ।আৰক্ষীৰ অভিযানত ড্ৰাগছ কঢ়িয়াই অনা বাহনখন এৰি পলায়ন কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীৰ দলটো ।

উক্ত ড্ৰাগছ সৰবৰাহৰ দলৰ লগত জড়িত থকাৰ অভিযোগত তাৰাবাৰী আৰক্ষীয়ে শনিবাৰে নিশা আটক কৰিছিল ড্ৰাগছ মাফিয়া হিচাবে অভিযুক্ত আনোৱাৰ হুছেইনক । আনোৱাৰ হুছেইনক জেৰা চলোৱাৰ পাছত তেওঁৰ ঘৰত ড্ৰাগছ থকা বুলি আৰক্ষীৰ আগত নিজেই স্বীকাৰোক্তি দিয়ে ।

বৰপেটা আৰক্ষীয়ে উল্লেখ কৰা মত, সেই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ধৃত আনোৱাৰ হুছেইনক লগত লৈ তেওঁৰ ঘৰত থকা ড্ৰাগছ জব্দ কৰিবলৈ ৰাওনা হয় ৷ সেই সময়তে আদবাটতে ধৃত আনোৱাৰ হুছেইনে আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলায় ।

আনোৱাৰ হুছেইনে এগৰাকী আৰক্ষীক ঠেলা মাৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে উপায়ন্তৰ হৈ আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি গুলী চলায় । যাৰ ফলত আৰক্ষীৰ গুলী লাগে আনোৱাৰ হুছেইনৰ বাওঁ ভৰিত ৷ সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ আনোৱাৰ হুছেইন ।

Releated Posts

ধুনীয়া হোৱাটো যোগ্যতাৰ মাপকাঠি নহয় ; জ্ঞানশ্ৰী বৰা

 আগন্তুক বিধানসভা নিৰ্বাচনত মৰিয়নী সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ড৹ জ্ঞানশ্ৰী বৰাই । ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক সমষ্টিটোৰ…

ByByMahesh Malakar Mar 9, 2026

দিল্লীত পুনৰ মণিপুৰৰ যুৱতীক আক্ৰমণ

মালব্য নগৰৰ ঘটনাৰ পিছত এইবাৰ ছাকেট অঞ্চলত মণিপুৰৰ যুৱতীক আক্ৰমণ ।কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালব্য নগৰত বৰ্ণ বৈষম্যৰ…

ByByMahesh Malakar Mar 9, 2026

এটা সমষ্টিৰ বাবেই মিত্ৰতা ভংগ ৰাইজৰ দল আৰু কংগ্ৰেছৰ

এটা সমষ্টিৰ বাবে ৰাইজৰ দল-কংগ্ৰেছৰ মিত্ৰতাত লাগিল আউল।ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ।এই কথা ঘোষণা কৰিলে অখিল গগৈয়ে।ধিং…

ByByMahesh Malakar Mar 9, 2026

ডিটেনচন কেম্পত থকা ‘বিদেশী’ ঘোষিত মহিলাই CAAৰ অধীনত অসমত পালে ভাৰতীয় নাগৰিকত্ব

যোৱা ৪ মাৰ্চত দীপালী দাস নামৰ এগৰাকী মহিলাই CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি…

ByByMahesh Malakar Mar 7, 2026
Scroll to Top