Image

এইবাৰ বৰপেটাত গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক

জানিব পৰা মতে, বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি ফুটালে গুলী ।

আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় বৰপেটা জিলাৰ মাইলকুছিৰ ৩২ বছৰীয়া আনোৱাৰ হুছেইন ৷ শনিবাৰে নিশা আৰক্ষীৰ হাতৰ পৰা আনোৱাৰ হুছেইনে পলাই যাবলৈ চেষ্টা কৰোতে বৰপেটা আৰক্ষীয়ে চলায় বন্দুক ৷ শনিবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনাটো ।

উল্লেখ্য যে, যোৱা ৬ নৱেম্বৰত তাৰাবাৰী আৰক্ষীয়ে এখন অ’ল্টো বাহনৰ পৰা ১১ টাকৈ সন্দেহযুক্ত হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছিল ।আৰক্ষীৰ অভিযানত ড্ৰাগছ কঢ়িয়াই অনা বাহনখন এৰি পলায়ন কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীৰ দলটো ।

উক্ত ড্ৰাগছ সৰবৰাহৰ দলৰ লগত জড়িত থকাৰ অভিযোগত তাৰাবাৰী আৰক্ষীয়ে শনিবাৰে নিশা আটক কৰিছিল ড্ৰাগছ মাফিয়া হিচাবে অভিযুক্ত আনোৱাৰ হুছেইনক । আনোৱাৰ হুছেইনক জেৰা চলোৱাৰ পাছত তেওঁৰ ঘৰত ড্ৰাগছ থকা বুলি আৰক্ষীৰ আগত নিজেই স্বীকাৰোক্তি দিয়ে ।

বৰপেটা আৰক্ষীয়ে উল্লেখ কৰা মত, সেই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ধৃত আনোৱাৰ হুছেইনক লগত লৈ তেওঁৰ ঘৰত থকা ড্ৰাগছ জব্দ কৰিবলৈ ৰাওনা হয় ৷ সেই সময়তে আদবাটতে ধৃত আনোৱাৰ হুছেইনে আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলায় ।

আনোৱাৰ হুছেইনে এগৰাকী আৰক্ষীক ঠেলা মাৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে উপায়ন্তৰ হৈ আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি গুলী চলায় । যাৰ ফলত আৰক্ষীৰ গুলী লাগে আনোৱাৰ হুছেইনৰ বাওঁ ভৰিত ৷ সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ আনোৱাৰ হুছেইন ।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top