• Home
  • অসম
  • ৰাজ্যত শীঘ্ৰে সংশোধন হ’ব শিক্ষকৰ চাকৰি সেৱা বিধি
Image

ৰাজ্যত শীঘ্ৰে সংশোধন হ’ব শিক্ষকৰ চাকৰি সেৱা বিধি

অতি শীঘ্ৰে সংশোধন কৰা হ’ব শিক্ষকৰ চাকৰিৰ সেৱা বিধি । ইতিমধ্যে শিক্ষকৰ চাকৰি সেৱা বিধি সংশোধনীৰ বাবে কেবিনেট বৈঠকত আলোচনা কৰা হৈছিল । শিক্ষক সংগঠনসমূহৰ লগতো এই বিষয়ে আলোচনাৰ কৰা হৈছে । শীঘ্ৰে এই নতুন সেৱা বিধি প্ৰৱৰ্তন কৰা হ’ব । এই নতুন সংশোধিত সেৱা বিধি অনুসৰি চৰাঞ্চল বা দূৰ্গম এলেকাত কৰ্মৰত শিক্ষকসকলে যাতে বদলি লৈ যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা কৰা হ’ব ।

বৃহস্পতিবাৰে সদনৰ মজিয়াত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে উত্থাপন কৰা এক পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পেগুৱে কয়, “দূৰ্গম বা চৰ এলেকাত নিযুক্তি পোৱা শিক্ষকে তাত কাম কৰিব নিবিচাৰে । সেয়ে বদলি বিচাৰি থাকে । একেদৰে বদলি হোৱাত খালী হোৱা পদত পিছত নিযুক্তি দিবলৈ সমস্যা হৈ পৰে । এতিয়া নতুন সেৱা বিধি আনি সেইবোৰ এলেকাত স্থানীয় যোগ্য প্ৰাৰ্থীক নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব । যাতে কোনেও বদলি বিচাৰি আবেদন নকৰে ।”

মন্ত্ৰী পেগুৱে কয়, “মুঠতে দুৰ্গম এলেকাৰ বিদ্যালয়ত বিশেষ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব । কিন্তু সেই এলেকাত যোগ্য শিক্ষক থাকিব লাগিব । তেওঁলোক যোগ্য হোৱাৰ পিছতহে নিযুক্তি প্ৰদান কৰা হ’ব । ইয়াৰ বাবে স্থানীয় লোক ওলাই আহিলেহে এই সমস্যাৰ সমাধান হ’ব ।” ইফালে খালী পদ পূৰ্ণ সন্দৰ্ভত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, “বৰ্তমান ‘শিক্ষাসেতু’ এপ হোৱাত আমি বৰ্তমানৰ তথ্যই নহয়, অহা পাঁচ বছৰত কিমান শিক্ষক পদ খালী হ’ব সেয়াও অৱগত হৈছো । কিন্তু আগতে চৰকাৰে খালী পদৰ বিপৰীতে নিযুক্তি দিছিল । কিন্তু এতিয়া আমি অহা ৫ বা ৬ মাহ পিছত খালী হ’ব লগা পদৰ বাবে বিজ্ঞাপন দি নিযুক্তিৰ ব্যৱস্থা কৰিব পাৰিম ।”

Releated Posts

ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত কুংকি চৌধুৰী

মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী ভোটগ্ৰহণৰ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত পৰিল । কুংকি চৌধুৰীৰ…

ByByMahesh Malakar Apr 10, 2026

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন

জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…

ByByMahesh Malakar Apr 10, 2026

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে…

ByByMahesh Malakar Apr 10, 2026

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।

ByByMahesh Malakar Apr 10, 2026
Scroll to Top