• Home
  • অসম
  • ছিপাঝাৰৰ খটৰা সত্ৰত পাচেতি মহোৎসৱ আৰম্ভ
Image

ছিপাঝাৰৰ খটৰা সত্ৰত পাচেতি মহোৎসৱ আৰম্ভ

১৫৬৮ খ্ৰীষ্ট্ৰাব্দত প্ৰতিষ্ঠিত ছিপাঝাৰৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত মঙ্গলবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পাচেতি মহোৎসৱ।

প্ৰতিবছৰে লাখ লাখ ভক্তৰ সমাৱেশ হয় খটৰা সত্ৰৰ পাচেতি মহোৎসৱত। খটৰা সত্ৰৰ পাচেতি মহোৎসৱৰ দ্ধাৰ উন্মোচন কৰি চাৰিদিনীয়া মহোৎসৱ মুকলি কৰে দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে।

মহোৎসৱৰ লগত সংগতি ৰাখি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ফলক উন্মোচনেৰে সত্ৰৰ বহুমূখী ভৱনটি সদ্য প্ৰয়াত দৰং জিলা পৰিষদৰ সদস্য হেমন্ত কুমাৰ ডেকাৰ সোঁৱৰণত নামাকৰণ কৰে।

পাচেতি মহোৎসৱৰ বন্তি প্ৰজ্জ্বলন কৰে বেঙাবৰা সত্ৰৰ সত্ৰাধিকাৰ বাবুল ডেকাই। নিশা সত্ৰৰ শিল্পীসকলে পাচেতি উৎসৱৰ ‘দধি মথন’ ভাওনা পৰিৱেশন কৰে।

আধ্যাত্মিক দিশৰ উপৰিও পাচেতি মহোৎসৱৰ ন ন ৰূপে ক্ৰমাৎ বৃদ্ধি কৰিছে পাচেতিৰ গুৰুত্ব। উৎসৱৰ চাৰিওটা দিনত লক্ষাধিক ভক্তৰ সমাৱেশ হ’ব বুলি সত্ৰ পৰিচালনা সমিতিয়ে আশা প্ৰকাশ কৰে।

Releated Posts

নলবাৰী জিলাত ১৭ নৱেম্বৰত ৰাস মহোৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা জিলা আয়ুক্তৰ

উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধর্মীয় অনুষ্ঠান নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱত বৃহস্পতিবাৰে এক উথপথপ্ পৰিৱেশৰ সৃষ্টি হয়। জিলাখনত বিভিন্ন অঞ্চলৰ…

ByByMahesh MalakarNov 14, 2025

বিহাৰত ক্ৰমাৎ ধূলিসাৎ হৈ পৰিছে বিৰোধী

আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ হাইভল্টেজ ফলাফলৰ বাবে সকলোৱে দৃষ্টি নিবদ্ধ আছে ৷ অধিকাংশ নিৰ্বাচনী সমীক্ষা এজেন্সীৰ প্ৰাক নিৰ্বাচনী…

ByByMahesh MalakarNov 14, 2025

বিধায়ক হোৱাৰ দিশে আনন্দ মিশ্ৰ

বিধায়ক হোৱাৰ দিশে আনন্দ মিশ্ৰ বিধায়ক হোৱাৰ সপোন পূৰণ হ’ব আনন্দ মিশ্ৰৰ! বক্সাৰ সমষ্টিত আগবাঢ়ি আছে আনন্দ মিশ্ৰ।…

ByByMahesh MalakarNov 14, 2025

কাৰ হাতলৈ যাব বিহাৰৰ?

কাৰ হাতলৈ যাব বিহাৰৰ? আজি বিহাৰ নিৰ্বাচনৰ ভোটগণনা। ৮ বজাৰ পৰা বিহাৰৰ ২৪৩ খন বিধানসভা আসনৰ ভোটগণনা। আজি…

ByByMahesh MalakarNov 14, 2025
Scroll to Top