• Home
  • অসম
  • প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰি প্ৰদান
Image

প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰি প্ৰদান

ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী সংস্থাপনৰ সিদ্ধান্ত ৷  ৰাজ্য চৰকাৰৰ কেবিনেটৰ এক সিদ্ধান্তই আনন্দিত কৰি তুলিছে তিনিচুকীয়া জিলাবাসীৰ লগতে ৰাজ্যবাসীক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সন্ধিয়া এক সংবাদমেলৰ জৰিয়তে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনাৰ বকলিয়াল গগৈক চৰকাৰী চাকৰিৰ তৃতীয় বৰ্গত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে ৷ এই ঘোষণাটো কৰাৰ পাছতে আনন্দিত হৈধন্যবাদ জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈয়ে ৷এই সন্দৰ্ভত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈয়ে কয়, “যিহেতু ২০২৫ চনৰ ১৩ জানুৱাৰীত সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে মোৰ স্বামী ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল । আমাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীগৰাকী হঠাৎ নাইকিয়া হৈ যোৱাত মই আচলতে দিশহাৰা হৈ গৈছিলোঁ । মোৰ একমাত্ৰ সন্তানটিৰ লগতে পৰিয়ালটোৰ কাৰণে যথেষ্ট চিন্তিত হৈ পৰিছিলোঁ ৷ আগন্তুক দিনসমূহত চৰকাৰৰ এই সিদ্ধান্তই হয়তো মোৰ সন্তানটিৰ সৈতে পৰিয়ালটোক এক সুৰক্ষিত গতিৰে লৈ যাব পাৰিম । গতিকে মই পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।”

Releated Posts

অসম গণ পৰিষদৰ ২৬জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

বোকাখাত সমষ্টিৰ প্ৰাৰ্থী অতুল বৰাকলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেৱশ মহন্তবঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীবৰপেটা সমষ্টিৰ প্ৰাৰ্থী দীপক কুমাৰ দাসটিয়ক…

ByByMahesh Malakar Mar 19, 2026

জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত

জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত বাক্সা জিলাৰ ন্যায়ধীশ শ্বৰ্মিলা ভূঞা নেতৃত্বত হ’ব ফাষ্টট্ৰেক প্ৰতিদিনেই চলিব…

ByByMahesh Malakar Mar 19, 2026

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026
Scroll to Top