• Home
  • অসম
  • কুংকি চৌধুৰীৰ পৰিয়ালৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ
Image

কুংকি চৌধুৰীৰ পৰিয়ালৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

শনিবাৰে যোৰহাটত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে । ডচ কোম্পানী চাৰিআলিৰ পৰা গড়আলি হৈ বৰুৱা চাৰিআলিলৈ এক বৃহৎ ৰ’ড শ্ব সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।এই সময়ত মুখ্যমন্ত্ৰীয়ে মধ্য গুৱাহাটীৰ বিৰোধীৰ প্ৰাৰ্থী কুংকি চৌধুৰী আৰু তেওঁৰ পৰিয়ালক উদ্দেশ্যি পুনৰ বিস্ফোৰক মন্তব্য কৰে । তেওঁ কয়, “কুংকি চৌধুৰীৰ মাক-বাপেকে গৰুৰ মাংস খায় । অসমত সত্ৰাধিকাৰ আছে, কামাখ্যা মন্দিৰ আছে, বটদ্ৰৱা থানা আছে, এই অসমত গৰুৰ মাংস খাব দিম আমি ? মই মিঞাকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছোঁ আৰু এইবাৰ কুংকি চৌধুৰীক গৰুৰ মাংস খাব দিম নেকি ? তেওঁ যদি কয় দেউতা-মা মোৰ নহয় মই তেওঁৰ লগত আছোঁ । কালিৰ পৰা কি কৈ আছে যে মোৰ ককাদেউতাই সংবিধানত চহী কৰিছিল । সেইখন সংবিধানতে লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি ।”কুংকি চৌধুৰীৰ পৰিয়ালৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, “নিৰ্বাচনৰ পিছত গো-সুৰক্ষা আইনৰ অধীনত দেউতাক-মাকৰ ওপৰত মই এক্সন লৈ আছোঁ । বাকী চব মানিম, গৰুৰ মাংস খোৱা মই নামানোঁ । লুৰীণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে আজি । হিন্দু মানুহক অপমান কৰি আছে । মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায় । ধুবুৰীত ঈদত গৰুৰ মাংস অনা কাৰণে মই শ্বুট এত ছাইট অৰ্ডাৰ দিছিলোঁ । আজিকালি মুছলমান মানুহেও মোৰ কথাত গৰুৰ মাংসৰ পৰিৱৰ্তে ম’হৰ মাংস খায় ।”তেওঁ লগতে গো-মাংস ভক্ষণৰ বিৰোধিতাৰে কয়, “অসমত এনেকৈ দাঁতেৰে গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব । ইয়াত আইন আছে । কোন এইটো ওলাল চৌধুৰী হিন্দু মানুহক অপমান কৰিব ।”মুখ্যমন্ত্ৰীৰ অভিযোগ যে কুংকি চৌধুৰীৰ পিতৃয়ে মাটি দখল কৰে । তেওঁ কয়, “মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে । তেওঁৰ বাপেকে কেইদিনমান আগতে মাটি দখল কৰি মাৰপিট কৰিছে ।”

Releated Posts

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতেই নৱনিৰ্মিত চান্দমাৰী উৰণ সেঁতুত ভয়ংকৰ ঘটনা চান্দমাৰী উৰণ সেতু ইমানেই…

ByByMahesh Malakar Jun 13, 2026

ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বায়ুসেনাৰ বিমান

হঠাৎ প্ৰচণ্ড শব্দৰে বিস্ফোৰণ বায়ুসেনাৰ AN-32 বিমান ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বায়ুসেনাৰ বিমান 43 স্কোৱাড্ৰণৰ বিমানখন দুৰ্ঘটনাত প্ৰাণ…

ByByMahesh Malakar Jun 13, 2026

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026
Scroll to Top