গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ
মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে
গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল সুস্মিতা বসুমতাৰী
বুধবাৰে পুৱা ভাড়াঘৰত চৰম সিদ্ধান্ত লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ
প্ৰেমিকাৰ মৃত্যুৰ পিছতেই জালত প্ৰেমিক
সুস্মিতাৰ মৃত্যুৰ পিছতে পিতৃয়ে উত্থাপন কৰে বিস্ফোৰক অভিযোগ
সুস্মিতা বসুমতাৰীক হত্যা কৰা অভিযোগ যুৱতীৰ পিতৃৰ
পৰিয়ালৰ দাবী, নিশা প্ৰেমিক আকাশ প্ৰসাদৰ লগত আছিল সুস্মিতা।
প্ৰেমিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি হাতীগাঁও থানাত এজাহাৰ দাখিল পৰিয়ালৰ













