• Home
  • অসম
  • নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে নৱৰত্ন মৰ্যাদা প্ৰদান কৰে
Image

নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে নৱৰত্ন মৰ্যাদা প্ৰদান কৰে

নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে নৱৰত্ন মৰ্যাদা প্ৰদান কৰে। কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে নুমলীগড় শোধনাগাৰক নৱৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে অনুমোদন জনায়। পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই অসম তথা উত্তৰ-পূৰ্বাঞ্চলক শক্তিখণ্ডত অধিক শক্তিশালী হোৱাৰ পথ প্রশস্ত কৰিব।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে নৱৰত্ন উদ্যোগৰ মৰ্যাদা দিয়াৰ পিছতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল৷ অসম চৰকাৰৰ ২৬% অংশীদাৰিত্ব থকা শোধনাগাৰটোৱে এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অবিহনে স্বতন্ত্ৰ ভাবে লাভজনক যিকোনো সংলগ্ন প্ৰকল্পত বিনিয়োগ তথা প্ৰতিষ্ঠা কৰিব পাৰিব বুলি উদ্যোগিক ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷

তদুপৰি শোধনাগাৰটোত অন্তর্ভুক্ত হোৱা বাঁহভিত্তিক জৈৱ ইন্ধন প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ জৈৱ ইন্ধনৰ শক্তি বৃদ্ধি পাব বুলি তেওঁ উল্লেখ কৰিছে। পূৰ্বে মিনি নৱৰত্ন মৰ্যাদা লাভ কৰা নুমলীগড় শোধনাগাৰ ২০২৪-২৫ বিত্তীয় বৰ্ষত ব্যৱসায় আছিল ২৫ হাজাৰ ১৪৭ কোটি টকা আৰু লাভাংশ আছিল ১,৬০৮ কোটি টকা।

Releated Posts

জুবিনক্ষেত্ৰৰ চাফাই কৰ্মীলৈ বিশেষ অনুদান ৰাজ্য চৰকাৰৰ

জুবিনক্ষেত্ৰৰ চাফাই কৰ্মীলৈ বিশেষ অনুদান ৰাজ্য চৰকাৰৰ২১জন চাফাই কৰ্মীক প্ৰদান কৰা হ’ব ২৫ হাজাৰকৈ টকামুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰহণ কৰা…

ByByMahesh Malakar Jul 6, 2026

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচী

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচীকংগ্ৰেছ, বিজেপি, APHLC দলৰ নেতা-কৰ্মীৰ যোগদানকাৰ্বি আংলং জিলাৰ ২১জনকৈ নেতাই যোগদান কৰেমুখ্য কাৰ্যালয়ত…

ByByMahesh Malakar Jul 4, 2026

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top