• Home
  • অসম
  • নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে নৱৰত্ন মৰ্যাদা প্ৰদান কৰে
Image

নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে নৱৰত্ন মৰ্যাদা প্ৰদান কৰে

নুমলীগড় শোধনাগাৰক কেন্দ্ৰীয় চৰকাৰে নৱৰত্ন মৰ্যাদা প্ৰদান কৰে। কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে নুমলীগড় শোধনাগাৰক নৱৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে অনুমোদন জনায়। পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই অসম তথা উত্তৰ-পূৰ্বাঞ্চলক শক্তিখণ্ডত অধিক শক্তিশালী হোৱাৰ পথ প্রশস্ত কৰিব।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে নৱৰত্ন উদ্যোগৰ মৰ্যাদা দিয়াৰ পিছতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল৷ অসম চৰকাৰৰ ২৬% অংশীদাৰিত্ব থকা শোধনাগাৰটোৱে এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অবিহনে স্বতন্ত্ৰ ভাবে লাভজনক যিকোনো সংলগ্ন প্ৰকল্পত বিনিয়োগ তথা প্ৰতিষ্ঠা কৰিব পাৰিব বুলি উদ্যোগিক ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷

তদুপৰি শোধনাগাৰটোত অন্তর্ভুক্ত হোৱা বাঁহভিত্তিক জৈৱ ইন্ধন প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ জৈৱ ইন্ধনৰ শক্তি বৃদ্ধি পাব বুলি তেওঁ উল্লেখ কৰিছে। পূৰ্বে মিনি নৱৰত্ন মৰ্যাদা লাভ কৰা নুমলীগড় শোধনাগাৰ ২০২৪-২৫ বিত্তীয় বৰ্ষত ব্যৱসায় আছিল ২৫ হাজাৰ ১৪৭ কোটি টকা আৰু লাভাংশ আছিল ১,৬০৮ কোটি টকা।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top