• Home
  • অসম
  • তীব্ৰতৰ হৈ উঠিছে বিটিআৰৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান
Image

তীব্ৰতৰ হৈ উঠিছে বিটিআৰৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান

বিটিআৰৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান। শাসকীয় বিৰোধী দলৰ প্ৰাৰ্থীৰ সমান্তৰালকৈ যুদ্ধংদেহী প্ৰস্তুতিৰে গোৰেশ্বৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনী মহাৰণত অৱতীৰ্ণ হৈছে নিৰ্দলীয় প্ৰাৰ্থী ধৰণী বড়ো।

সমষ্টিটোত পূৰ্বৰ নিৰ্দলীয় প্ৰাৰ্থীৰ বিজয়ৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ বাবে প্ৰচাৰ অভিযান ব্যাপক কৰি তোলাৰ প্ৰয়াস প্ৰাৰ্থী গৰাকীৰ। সংবাদ মাধ্যমৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত অংশগ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীয়ে গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ যাতায়ত আৰু যোগাযোগৰ সমস্যা সমাধান প্ৰাথমিক লক্ষ্যৰূপে উল্লেখ কৰে।

আনহাতে সমষ্টিবাসীৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে চিকিৎসালয়ত আই চি ইউ স্থাপন কৰাতো আন এক লক্ষ্যৰূপে অভিহিত কৰে নিৰ্দলীয় প্ৰাৰ্থী ধৰণী বড়োই। জাতি ধৰ্ম নিৰ্বিশেষে সৰ্বস্তৰৰ ৰাইজৰ সমৰ্থন লাভ কৰা বুলি সজোঁৰে উল্লেখ কৰি ক্ৰীড়াৰ ক্ষেত্ৰতো উন্নয়নৰ পদক্ষেপ গ্ৰহণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰাৰ্থী গৰাকীয়ে।

পূৰ্বতেও নিৰ্দলীয় প্ৰাৰ্থীৰ দখললৈ যোৱা গোৰেশ্বৰ পৰিষদীয় সমষ্টিত প্ৰকৃততে কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব সেয়া সময়ত পৰিলক্ষিত হ’ব।

Releated Posts

কাইলৈ অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বমুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে। ২ কোটি…

ByByMahesh Malakar Apr 8, 2026

ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…

ByByMahesh Malakar Apr 8, 2026

আজি অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী। আজি বিয়লি ৫ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ…

ByByMahesh Malakar Apr 7, 2026
Scroll to Top