• Home
  • অসম
  • তীব্ৰতৰ হৈ উঠিছে বিটিআৰৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান
Image

তীব্ৰতৰ হৈ উঠিছে বিটিআৰৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান

বিটিআৰৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান। শাসকীয় বিৰোধী দলৰ প্ৰাৰ্থীৰ সমান্তৰালকৈ যুদ্ধংদেহী প্ৰস্তুতিৰে গোৰেশ্বৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনী মহাৰণত অৱতীৰ্ণ হৈছে নিৰ্দলীয় প্ৰাৰ্থী ধৰণী বড়ো।

সমষ্টিটোত পূৰ্বৰ নিৰ্দলীয় প্ৰাৰ্থীৰ বিজয়ৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ বাবে প্ৰচাৰ অভিযান ব্যাপক কৰি তোলাৰ প্ৰয়াস প্ৰাৰ্থী গৰাকীৰ। সংবাদ মাধ্যমৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত অংশগ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীয়ে গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ যাতায়ত আৰু যোগাযোগৰ সমস্যা সমাধান প্ৰাথমিক লক্ষ্যৰূপে উল্লেখ কৰে।

আনহাতে সমষ্টিবাসীৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে চিকিৎসালয়ত আই চি ইউ স্থাপন কৰাতো আন এক লক্ষ্যৰূপে অভিহিত কৰে নিৰ্দলীয় প্ৰাৰ্থী ধৰণী বড়োই। জাতি ধৰ্ম নিৰ্বিশেষে সৰ্বস্তৰৰ ৰাইজৰ সমৰ্থন লাভ কৰা বুলি সজোঁৰে উল্লেখ কৰি ক্ৰীড়াৰ ক্ষেত্ৰতো উন্নয়নৰ পদক্ষেপ গ্ৰহণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰাৰ্থী গৰাকীয়ে।

পূৰ্বতেও নিৰ্দলীয় প্ৰাৰ্থীৰ দখললৈ যোৱা গোৰেশ্বৰ পৰিষদীয় সমষ্টিত প্ৰকৃততে কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব সেয়া সময়ত পৰিলক্ষিত হ’ব।

Releated Posts

ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ

কংগ্ৰেছত যোগদানৰ দুদিন পিছতেই আজি ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ ‘জাতিতকৈ দল বা ব্যক্তি ডাঙৰ নহয়’ কংগ্ৰেছ…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহু

আজি ভোগালী বিহু ভোগ-ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ সমগ্ৰ ৰাজ্যতে চলিছে ভোগালীৰ বিহুৰ ব্যাপক প্ৰস্তুতি। আজি ভোগালীৰ উৰুকা।…

ByByMahesh Malakar Jan 13, 2026

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল…

ByByMahesh Malakar Jan 13, 2026
Scroll to Top