• Home
  • দেশ
  • দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি
Image

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

সমাগত বিধানসভা নিৰ্বাচন।বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি এজনৰ পাছত আন এজন বিজেপিৰ কেন্দ্ৰীয় নেতা আহিছে অসমলৈ।দুদিনীয়া কাৰ্যসূচীৰে আজি প্ৰথমবাৰলৈ অসমলৈ আহিব নীতিন নবীন।তৃতীয়বাৰলৈ অসমত বিজেপি চৰকাৰ গঠন কৰিবলৈ নতুন নতুন ৰণ কৌশলেৰে আগবাঢ়িছে শাসকীয় দল বিজেপি।ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচা খেলপথাৰত পৃষ্ঠাপ্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়েতদুপৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৰাষ্ট্ৰীয় সভাপতিগৰাকীক আদৰণি জনাবলৈ সাজু হৈছে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে আন আন নেতাসকলৰাষ্ট্ৰীয় সভাপতিৰ সৈতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।ৰাষ্ট্ৰীয় সভাপতিগৰাকী দিনৰ ১.৪৫ বজাত উপস্থিত হ’ব ডিব্ৰুগড় বিমানবন্দৰত ।বিয়লি জিলা পুথিভঁৰালত তেওঁ বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মত বিনিময় কৰা দেখিবলৈ পোৱা যাব।

Releated Posts

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।

ByByMahesh Malakar Apr 10, 2026

কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ছাত্ৰ নেতালৈ কৰিলে ভোটদান

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হৈছে বিধানসভাৰ নিৰ্বাচন। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ ৰাজ্যৰ ভিন্নপ্ৰান্তত হাইপ্ৰফাইল…

ByByMahesh Malakar Apr 9, 2026

কাইলৈ ঘোষণা হ’ব HSLC পৰীক্ষাৰ ফলাফল

HSLCৰ ফলাফলক ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।কাইলৈ HSLCৰ ফলাফল ঘোষণাৰ সম্ভাৱনা।শিক্ষামন্ত্ৰীগৰাকীয়ে জনাই যে HSLC…

ByByMahesh Malakar Apr 9, 2026

৫ বজাৰ লগে লগে অসমত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া

পুৱা ৭ বজাৰ পৰা চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক…

ByByMahesh Malakar Apr 9, 2026
Scroll to Top