গুৱাহাটী মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়াৱহ পথ দুৰ্ঘটনা

মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়াৱহ পথ দুৰ্ঘটনাত পতিত হয় Maruti Suzuki Ignis বাহন এখন।

স্থানীয় লোকে জানিব দিয়া মতে, এখন তীব্ৰ বেগী ডাম্পৰৰ সৈতে সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা।

দুৰ্ঘটনাতত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় AS 01FP 0275 নম্বৰৰ বাহনখন।

জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে আহি আছিল বাহনখন।

মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাই পথৰ বৰাগাঁৱৰ উৰণসেঁতুৰ ওপৰত সংঘটিত হোৱা এই পথ দুৰ্ঘটনা ইমানেই ভয়ানক আছিল যে বাহনখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।

বাহনখনত থকা দুজন আৰোহীক সংকটজনক অৱস্থাত গুৱাহাটীৰ ব্যক্তিগত চিকিত্সালয় এখনত ভৰ্ত্তি কৰোৱা হৈছে।