• Home
  • অসম
  • দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি অসমলৈ আহিব RSS প্ৰধান মোহন ভাগৱত
Image

দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি অসমলৈ আহিব RSS প্ৰধান মোহন ভাগৱত

দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ আহিব মোহন ভাগৱত

RSS প্ৰধান মোহন ভাগৱত দুই দিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীত উপস্হিত হ’ব ।

গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাই পোনে পোনে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক গৰাকী গুৱাহাটীৰ বৰবৰীৰ সুদৰ্শনালয়ত উপস্হিত হ’ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিছে ৷

উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে আৰ, এছ, এছ ৰ মুৰব্বী ডা: মোহন ভাগৱতে ১৮ আৰু ১৯ নবেম্বৰত সম্পূৰ্ণ দুটাকৈ দিনত সুদৰ্শনালয়ত থাকি বৌদ্ধিক, মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ এই মৰ্মে, ১৮ নবেম্বৰৰ আবেলি ৪ বজাত সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা গুৱাহাটী মহানগৰৰ কিছু সংখ্যক নিৰ্বাচিত লোকক সামৰি প্ৰবুদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত হ’ব ৷ উক্ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত বিশিষ্ট সাহিত্যিক, কাকত আলোচনীৰ সম্পাদক, উদ্যোগপতিকে ধৰি দুই শতাধিকলোক উপস্হিত থাকিব ৷ প্ৰবুদ্ধ নাগৰিক সন্মিলনত ডা:মোহন ভাগৱতে বৌদ্ধিক প্ৰদান কৰাৰ লগতে মত -বিনময় কৰিব ৷ অনুৰূপধৰণে ১৯ নবেম্বৰৰ পুৱা ১০ বজাত যুৱ সন্মিলন অনুষ্ঠিত হ’ব ৷ উক্ত যুৱ সন্মিলনত কিছুসংখ্যক নিৰ্বাচিত কবি, সাহিত্যিক, সাংবাদিক, উদ্যোগপতি আদিৰ সন্মুখত আন এক বৌদ্ধিক প্ৰদান কৰিব ৷ ডা: মোহন ভাগৱতে গুৱাহাটীত দুদিন উপস্হিত থাকি ২০ নবেম্বৰৰ দিনা মণিপুৰলৈ অভিমুখে ৰাওনা হ’ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিছে ।

Releated Posts

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ ৰে’লৰ খুন্দাত থিতাতে প্রাণ হেৰুৱালে দুই বন্ধুৱে…

ByByMahesh Malakar Jun 24, 2026

অৰুণাচলত ডাৱৰ বিস্ফোৰণে অসমলৈ মাতিছে ভয়ংকৰ বিপদৰ সংকেত

সাৱধান হওক উত্তৰ অসমবাসী যিকোনো মূহুৰ্তত প্ৰকৃতিয়ে ধাৰণ কৰিব পাৰে ভয়াৱহ ৰূপ উত্তৰ অসমত হাই এলাৰ্ট জাৰি অৰুণাচলত…

ByByMahesh Malakar Jun 24, 2026

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কোটি কোটি টকাৰ বিনিয়োগৰ পৰা বঞ্চিত হ’ল অসম

ByByMahesh Malakar Jun 23, 2026

মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড

মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড মুছলমানক বদনাম কৰি কালী মন্দিৰত গোঁ-মুণ্ড পেলোৱাৰ চেষ্টা হিন্দু যুৱকৰ আয়চন…

ByByMahesh Malakar Jun 23, 2026
Scroll to Top