• Home
  • অপৰাধনামা
  • তিনিদিন বন্ধ থাকিব লালকিল্লা, বন্ধ থাকিব মেট্ৰ’ ষ্টেচনো
Image

তিনিদিন বন্ধ থাকিব লালকিল্লা, বন্ধ থাকিব মেট্ৰ’ ষ্টেচনো

সোমবাৰে সন্ধিয়া লালকিল্লাৰ মেট্ৰ’ ষ্টেচনৰ সমীপত এখন চলন্ত গাড়ীত সংঘটিত বিস্ফোৰণে কঁপালে ৰাজধানী দিল্লী । এই ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰে আৰু লগে লগে ঘটনাস্থলীত উপস্থিত হয় দিল্লী আৰক্ষী, ফৰেনছিক দল, বোমা নিষ্কাশন দল।

আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। নিৰাপত্তাজনিত কাৰণত অহা তিনিদিনলৈ লালকিল্লা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

দিল্লী যান-বাহন আৰক্ষীয়ে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আজি (১১ নৱেম্বৰ) নেতাজী সুভাষ মাৰ্গৰ দুয়োকাষৰ পথ বন্ধ কৰি দিছে। চট্টা ৰেল কাটৰ পৰা সুভাষ মাৰ্গ কাটলৈ কোনো যান-বাহন যাতায়ত কৰিব নোৱাৰিব।

এই নিষেধাজ্ঞাসমূহ পুৱা ৬ বজাৰ পৰা পৰৱৰ্তী জাননী নিদিয়ালৈকে চলি থাকিব। যান-বাহন আৰক্ষীয়ে যাতায়ত কৰা লোকসকলক অসুবিধাৰ পৰা হাত সাৰিবলৈ বিকল্প পথ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে।

বিস্ফোৰণৰ লগে লগে দিল্লী আৰক্ষীয়ে সকলো স্পৰ্শকাতৰ ক্ষেত্ৰত নিৰাপত্তা বৃদ্ধি কৰিছে। আই জি আই বিমানবন্দৰ, ইণ্ডিয়া গেট, সংসদ ভৱন, আৰু সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। প্ৰতিখন বাহন পৰীক্ষা কৰা হৈছে, আৰু আৰক্ষীয়ে কোনো সন্দেহজনক বস্তু বা কাৰ্যকলাপৰ বিষয়ে তৎক্ষণাত খবৰ দিবলৈ আহ্বান জনাইছে।

এই ঘটনাৰ পিছতে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে নিৰাপত্তাজনিত কাৰণত অহা ৩ দিনৰ বাবে লালকিল্লা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সময়ছোৱাত কোনো পৰ্যটক বা সাধাৰণ নাগৰিকক এই কমপ্লেক্সত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। বিষয়াসকলে কয় যে এই সিদ্ধান্ত কেৱল সতৰ্কতামূলক ব্যৱস্থা হিচাপে লোৱা হৈছে যাতে তদন্ত আৰু নিৰাপত্তাৰ ব্যৱস্থাত কোনো ধৰণৰ ব্যাঘাত জন্মাব নোৱাৰে।

Releated Posts

আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাৰ হল ৪ টা মাহ আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি আজি জামিন…

ByByMahesh Malakar Jan 22, 2026

শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত শিখা শৰ্মা বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে আইনৰ কাষ চাপিল গৰিমা শইকীয়া…

ByByMahesh Malakar Jan 19, 2026

হঠাৎ ধুবুৰীত জাৰি BNSSৰ ১৬৩ধাৰা

হঠাৎ ধুবুৰীত জাৰি BNSSৰ ১৬৩ধাৰা অনিৰ্দিষ্টকাললৈ প্ৰযোজ্য হ’ব কঠোৰ নিয়ম ধুবুৰী জিলা আয়ুক্তই জাৰি কৰিলে এই নিৰ্দেশনা কোনেও…

ByByMahesh Malakar Jan 18, 2026

ইউ এছ টি এমে পুনৰ লাভ কৰিলে ‘ইউনিভাৰ্চিটি অৱ দ্য ইয়েৰ ২০২৫ সন্মান

প্ৰেছ বিজ্ঞপ্তিইউ এছ টি এমে পুনৰ লাভ কৰিলে ‘ইউনিভাৰ্চিটি অৱ দ্য ইয়েৰ ২০২৫ সন্মান Ri-Bhoi, Meghalaya, January 16,…

ByByMahesh Malakar Jan 17, 2026
Scroll to Top