• Home
  • অসম
  •  ১৩ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Image

 ১৩ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেইবাটাও কাৰ্যসূচীৰে কোকৰাঝাৰ জিলালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী । সেই উদ্দেশ্যে বৃহস্পতিবাৰে নলবাৰীত এক প্ৰস্তুতি পৰ্বৰ বৈঠকৰ আয়োজন কৰা হয় ।প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ লক্ষ্যৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, সকলো এম চি এল এ, মন্ত্ৰী চৰণ বড়ো , জয়ন্ত মল্লবৰুৱা নলবাৰীৰ কনভেনচন চেণ্টাৰত মিলিত হয় । সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, “অহা ১৩ মাৰ্চত কোকৰাঝাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব । কোকৰাঝাৰ বুলিতো বেলেগ ঠাই নহয়, অসমৰেই হয় । অসমৰ ৰাইজক ভাল এটা মেছেজ দিবলৈ তেওঁ আহিব । তাৰবাবে প্ৰস্তুতি সন্দৰ্ভত আজি এনেদৰে আলোচনা কৰা হয় ।”মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় , “১৩ মাৰ্চ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কোকৰাঝাৰলৈ আহি বহুকেইটা প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে এখন বিশাল জনসভাতও সম্বোধন কৰিব ।

Releated Posts

কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ছাত্ৰ নেতালৈ কৰিলে ভোটদান

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হৈছে বিধানসভাৰ নিৰ্বাচন। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ ৰাজ্যৰ ভিন্নপ্ৰান্তত হাইপ্ৰফাইল…

ByByMahesh Malakar Apr 9, 2026

কাইলৈ ঘোষণা হ’ব HSLC পৰীক্ষাৰ ফলাফল

HSLCৰ ফলাফলক ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।কাইলৈ HSLCৰ ফলাফল ঘোষণাৰ সম্ভাৱনা।শিক্ষামন্ত্ৰীগৰাকীয়ে জনাই যে HSLC…

ByByMahesh Malakar Apr 9, 2026

৫ বজাৰ লগে লগে অসমত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া

পুৱা ৭ বজাৰ পৰা চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক…

ByByMahesh Malakar Apr 9, 2026

পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে

যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট…

ByByMahesh Malakar Apr 9, 2026
Scroll to Top