• Home
  • অপৰাধনামা
  • PA SANGMA International Medical College ত দ্বিতীয় বেটছৰ শপথ গ্ৰহণ অনুষ্ঠান

PA SANGMA International Medical College ত দ্বিতীয় বেটছৰ শপথ গ্ৰহণ অনুষ্ঠান

PA Sangma International Medical College & Hospital (PIMC), University of Science and Technology Meghalaya (USTM)-এ আজি উৎসাহ-উদ্দীপনাৰে দ্বিতীয় MBBS ছাত্ৰ-ছাত্ৰী সকলৰ Orientation Program আৰু College Foundation Day উদযাপন কৰিলে। অনুষ্ঠানত নতুনকৈ নামভৰ্তি কৰা MBBS ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকল, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিভিন্ন চিকিৎসা বিভাগৰ বিশেষজ্ঞ আৰু মাননীয় নেতৃত্বৰ উপস্থিতিত আজি আয়োজন কৰা হল।অনুষ্ঠানৰ উদ্দেশ্য আছিল শিক্ষাৰম্ভৰ আগতেই চিকিৎসক হোৱাৰ আশাৰে নামভৰ্তি কৰা শিক্ষাৰ্থীসকলক কলেজৰ শৃংখলা, পৰিৱেশ, শিক্ষা-দশা, নৈতিকতা আৰু আগন্তুক চিকিৎসা যাত্ৰাৰ প্ৰতি দায়িত্ববোধৰ সৈতে পৰিচয় কৰাই দিয়া। লগতে MBBS ফাৰ্ষ্ট বেটছৰ ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী সকলোকো এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।উদ্বোধনী ভাষণত মাননীয় PIMC ৰ প্ৰিন্সিপালে কলে-“চিকিৎসা শিক্ষা কেৱল এক পেচা নহয়, ই মানৱ সেৱাৰ এক প্ৰতিশ্ৰুতি। আমাৰ লক্ষ্য জ্ঞানসম্পন্ন, মনোবলীয়, নৈতিকতা-সৎ আৰু সমাজমুখী চিকিৎসকৰ গঠন কৰা।”অভিভাৱকক উদ্দেশ্যি উল্লেখ কৰা হয় যে শিক্ষাৰ্থীসকলৰ মানসিক সুস্বাস্থ্য, ধৈৰ্য, নৈতিকতা, অধ্যয়ন শৃংখলা আৰু ব্যক্তিত্ব উন্নয়ন কলেজৰ অতি গুৰুত্বপূর্ণ অঙ্গ। অভিভাৱক আৰু শিক্ষক-গুৰুৱে একেলগে আগবাঢ়িলে শিক্ষাৰ্থীৰ সাফল্য নিশ্চিত হয় বুলি মত প্ৰকাশ কৰা হয়।অনুষ্ঠানত উপস্থিত আছিল ৰহমান হস্পিতালৰ CMD Dr MLA Rahman। USTM ৰ Vice Chancellor Prof GD Sharma, Advisor RK Sharma, PIMC ৰ প্ৰিন্সিপাল Dr Abhinandan Das, USTM আৰু Dr Jigesh Sharma, Director, Medical Education, PIMC ৰ লগতে চিকিৎসা বিভাগৰ মুৰব্বী, বিভিন্ন এক্সপাৰ্ট চিকিৎসক সকলে লগতে ফাৰ্ষ্ট বেটছৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল।PA Sangma International Medical College & Hospital-এ উত্তৰ পূব ভাৰতৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

Releated Posts

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন

জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…

ByByMahesh Malakar Apr 10, 2026

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেড়া। ৰিণিকি ভূঞা শৰ্মাই এজাহাৰ দিছিল পৱন…

ByByMahesh Malakar Apr 8, 2026

কাইলৈ অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বমুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে। ২ কোটি…

ByByMahesh Malakar Apr 8, 2026

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ নিৰ্বাচন আয়োগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে ছত্তীছগঢ়ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে…

ByByMahesh Malakar Apr 6, 2026
Scroll to Top