• Home
  • অপৰাধনামা
  • PA SANGMA International Medical College ত দ্বিতীয় বেটছৰ শপথ গ্ৰহণ অনুষ্ঠান

PA SANGMA International Medical College ত দ্বিতীয় বেটছৰ শপথ গ্ৰহণ অনুষ্ঠান

PA Sangma International Medical College & Hospital (PIMC), University of Science and Technology Meghalaya (USTM)-এ আজি উৎসাহ-উদ্দীপনাৰে দ্বিতীয় MBBS ছাত্ৰ-ছাত্ৰী সকলৰ Orientation Program আৰু College Foundation Day উদযাপন কৰিলে। অনুষ্ঠানত নতুনকৈ নামভৰ্তি কৰা MBBS ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকল, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিভিন্ন চিকিৎসা বিভাগৰ বিশেষজ্ঞ আৰু মাননীয় নেতৃত্বৰ উপস্থিতিত আজি আয়োজন কৰা হল।অনুষ্ঠানৰ উদ্দেশ্য আছিল শিক্ষাৰম্ভৰ আগতেই চিকিৎসক হোৱাৰ আশাৰে নামভৰ্তি কৰা শিক্ষাৰ্থীসকলক কলেজৰ শৃংখলা, পৰিৱেশ, শিক্ষা-দশা, নৈতিকতা আৰু আগন্তুক চিকিৎসা যাত্ৰাৰ প্ৰতি দায়িত্ববোধৰ সৈতে পৰিচয় কৰাই দিয়া। লগতে MBBS ফাৰ্ষ্ট বেটছৰ ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী সকলোকো এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।উদ্বোধনী ভাষণত মাননীয় PIMC ৰ প্ৰিন্সিপালে কলে-“চিকিৎসা শিক্ষা কেৱল এক পেচা নহয়, ই মানৱ সেৱাৰ এক প্ৰতিশ্ৰুতি। আমাৰ লক্ষ্য জ্ঞানসম্পন্ন, মনোবলীয়, নৈতিকতা-সৎ আৰু সমাজমুখী চিকিৎসকৰ গঠন কৰা।”অভিভাৱকক উদ্দেশ্যি উল্লেখ কৰা হয় যে শিক্ষাৰ্থীসকলৰ মানসিক সুস্বাস্থ্য, ধৈৰ্য, নৈতিকতা, অধ্যয়ন শৃংখলা আৰু ব্যক্তিত্ব উন্নয়ন কলেজৰ অতি গুৰুত্বপূর্ণ অঙ্গ। অভিভাৱক আৰু শিক্ষক-গুৰুৱে একেলগে আগবাঢ়িলে শিক্ষাৰ্থীৰ সাফল্য নিশ্চিত হয় বুলি মত প্ৰকাশ কৰা হয়।অনুষ্ঠানত উপস্থিত আছিল ৰহমান হস্পিতালৰ CMD Dr MLA Rahman। USTM ৰ Vice Chancellor Prof GD Sharma, Advisor RK Sharma, PIMC ৰ প্ৰিন্সিপাল Dr Abhinandan Das, USTM আৰু Dr Jigesh Sharma, Director, Medical Education, PIMC ৰ লগতে চিকিৎসা বিভাগৰ মুৰব্বী, বিভিন্ন এক্সপাৰ্ট চিকিৎসক সকলে লগতে ফাৰ্ষ্ট বেটছৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল।PA Sangma International Medical College & Hospital-এ উত্তৰ পূব ভাৰতৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক এনকাউণ্টাৰ কৰক

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক এনকাউণ্টাৰ কৰক চাৰ্জশ্বীট দাখিলৰ পাছতে শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য জুবিন…

ByByMahesh MalakarDec 18, 2025
Scroll to Top