সোমবাৰে দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছে সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ। বিজেপিয়ে ভোট চুৰ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল’লে কংগ্ৰেছ দলে।
খচৰা ভোটাৰ তালিকাক লৈ অসন্তুষ্ট কংগ্ৰেছ। ভোটাৰ তালিকা প্ৰস্তুতত ব্যাপক বিসংগতিৰ অভিযোগো উত্থাপন কৰে কংগ্ৰেছে। শেহতীয়াকৈ পোহৰলৈ অহা এই বিসংগতিৰ পাছতে আজিৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় কংগ্ৰেছ দলে।
এই প্ৰতিবাদত অংশগ্ৰহণ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতাই। বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰে আকাশ-বতাহ।











