টিকট নাপায় বিজেপি এৰি আজি কংগ্ৰেছত যোগ দিব মন্ত্ৰী নন্দিতা গাৰ্লোচাই।হাফলঙত কংগ্ৰেছ প্ৰাৰ্থী হ’ব নন্দিতা গাৰ্লোচা ৷ কংগ্ৰেছে তিনিখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে যদিও লক্ষণীয়ভাৱে হাফলং সমষ্টিৰ বাবে দলটোৱে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই । আজি নন্দিতা গাৰ্লোচাই কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতে হাফলং সমষ্টিৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । গুৱাহাটীৰ ৰাজীৱ ভৱনত নন্দিতা গাৰ্লোচাই আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিব ।আজি কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতে কংগ্ৰেছে হাফলং সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হিচাবে নন্দিতা গাৰ্লোচাৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে নন্দিতা গাৰ্লোচাক কংগ্ৰেছ দলত আদৰণি জনোৱাৰ বাবে ডিমা হাছাও জিলাৰ পৰা কংগ্ৰেছ নেতা-কৰ্মী গুৱাহাটী অভিমুখে ৰওনা হৈছে ।

বিজেপি এৰি আজি কংগ্ৰেছত যোগ দিব মন্ত্ৰী নন্দিতা গাৰ্লোচাই
Releated Posts
কংগ্ৰেছৰ ২২ জনীয়া তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ
কংগ্ৰেছ দলে বৃহস্পতিবাৰে ঘোষণা কৰিলে ২২ জনীয়া তৃতীয়খন প্ৰাৰ্থী তালিকা । ইয়াৰ পূৰ্বে কংগ্ৰেছে ৪২ জনীয়া প্ৰথমখন আৰু…
বি পি এফৰ ১১ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা
ঘোষণা হ’ল বি পি এফৰ প্ৰাৰ্থী তালিকা ৷ বৃহস্পতিবাৰে নিশা কোকৰাঝাৰস্থিত বি পি এফ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বি…
মাতৃৰ আশিস লৈ সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বিশাল ৰেলীৰে মনোনয়ন দাখিলৰ দিশে আগবাঢ়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।মাতৃৰ আশিস লৈ সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী…
অসম গণ পৰিষদৰ ২৬জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা
বোকাখাত সমষ্টিৰ প্ৰাৰ্থী অতুল বৰাকলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেৱশ মহন্তবঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীবৰপেটা সমষ্টিৰ প্ৰাৰ্থী দীপক কুমাৰ দাসটিয়ক…












