• Home
  • অসম
  • নলবাৰী জিলাত ১৭ নৱেম্বৰত ৰাস মহোৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা জিলা আয়ুক্তৰ
Image

নলবাৰী জিলাত ১৭ নৱেম্বৰত ৰাস মহোৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা জিলা আয়ুক্তৰ

উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধর্মীয় অনুষ্ঠান নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱত বৃহস্পতিবাৰে এক উথপথপ্ পৰিৱেশৰ সৃষ্টি হয়। জিলাখনত বিভিন্ন অঞ্চলৰ উপৰি দূৰদূৰণিৰ অসংখ্য ভক্ত দর্শনার্থীয়ে হৰি মন্দিৰ ৰাস মহোৎসৱত ভিৰ কৰে। ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বিবেকৰ প্রতীক স্বৰূপ ভগৱান শ্রীকৃষ্ণৰ ৰাসলীলাক কেন্দ্ৰ কৰি বিভিন্ন পৌৰাণিক আখ্যানৰ আধাৰত মৃণ্ময় শিল্পীসকলে আটকধুনীয়াকৈ বৈদ্যুতিক কাৰুকাৰ্যৰে সজোৱা মূর্তিসমূহ হেজাৰ হেজাৰ ভক্ত দর্শনার্থীয়ে প্রত্যক্ষ কৰে।

নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ উপলক্ষে কালি জিলা আযুক্ত নিবেদন দাস পাটোৱাৰীয়ে এক নির্দেশনা যোগে অহা ১৭ নৱেম্বৰ স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। সিদিনা জিলা আয়ুক্ত কার্যালয়, আদালত, ৰাজহ চক্র কার্যালয়কে ধৰি জিলাখনৰ সকলো চৰকাৰী কার্যালয় আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব। অৱশ্যে বন্ধৰ দিনা অত্যাৱশ্যকীয় সেৱা আৰু পৰীক্ষাসমূহ খোলা থাকিব।

Releated Posts

 ১৩ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেইবাটাও কাৰ্যসূচীৰে কোকৰাঝাৰ জিলালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী । সেই উদ্দেশ্যে বৃহস্পতিবাৰে নলবাৰীত এক প্ৰস্তুতি পৰ্বৰ বৈঠকৰ আয়োজন কৰা…

ByByMahesh Malakar Feb 27, 2026

প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰি প্ৰদান

ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী সংস্থাপনৰ সিদ্ধান্ত ৷  ৰাজ্য চৰকাৰৰ কেবিনেটৰ এক সিদ্ধান্তই আনন্দিত কৰি তুলিছে তিনিচুকীয়া…

ByByMahesh Malakar Feb 27, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাই দিলে এটা ভাল খবৰ

বাবু সকললৈ ভাল খবৰ ।২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি…

ByByMahesh Malakar Feb 26, 2026

বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি তিতাবৰত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

২৮ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ আৰ্শীবাদ ল’বলৈ ওলাব বিজেপি প্ৰাৰ্থী ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ…

ByByMahesh Malakar Feb 26, 2026
Scroll to Top