• Home
  • দেশ
  • আজিৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিবেশন
Image

আজিৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিবেশন

আজিৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিবেশন

১৯ দিন ধৰি চলিবলগীয়া অধিবেশনৰ সময়ছোৱাত ১৫ খন বৈঠক অনুষ্ঠিত হব। সংসদৰ শীতকালীন অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কর্প’ৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক ২০২৫ আছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে লোকসভাত কেন্দ্রীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব। তদুপৰি অধিবেশনত ২০২৫-২৬ বর্ষৰ বাবে প্রথম পর্যায়ৰ অনুদানৰ পৰিপূৰক দাবী সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ’ব।

ইয়াৰ পূৰ্বে কালি নতুন দিল্লীৰ সংসদ ভৱনত সদনৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াতো সুনিশ্চিত কৰাৰ বাবে এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্রতিবক্ষা মন্ত্রী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৩৬টা বাজনৈতিক দলৰ ৫০জন নেতাই অংশগ্রহণ কৰে।

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে কয় যে ইতিবাচক পৰিবেশত এই বৈঠক অনুষ্ঠিত হয় আৰু চৰকাৰে সংসদৰ শীতকালীন অধিবেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো বাজনৈতিক দলৰ নেতাকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

এইবাৰৰ অধিবেশনত যিকোনো গুৰুত্বপূর্ণ বিষয় আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি শ্রীৰিজিজুৱে উল্লেখ কৰে। বৈঠকত ৰাজ্যসভাৰ সদনৰ নেতা জে পি নাড্ডা, কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রীদ্বয় অর্জুন বাম মেঘৱাল আৰু ড০ এল মুৰুগান উপস্থিত থাকে।

Releated Posts

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL অসমত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ অধিকাংশ আগশাৰীৰ সংস্থাৰ ৰ মতে…

ByByMahesh Malakar Apr 30, 2026

কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL

এইবাৰ কোনে গঠন কৰিব চৰকাৰ কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিব…

ByByMahesh Malakar Apr 29, 2026

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ চিপৰাং,গাড্ডাৰ শব্দৰে সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তাক সকীয়নি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দলৰ…

ByByMahesh Malakar Apr 29, 2026

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ১৪২টা সমষ্টিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ লগে লগে…

ByByMahesh Malakar Apr 29, 2026
Scroll to Top