• Home
  • অপৰাধনামা
  • ৫০কোটি টকাৰ উন্নয়নমূলক কামৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কলিয়াবৰত
Image

৫০কোটি টকাৰ উন্নয়নমূলক কামৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কলিয়াবৰত

সন্মুখত ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ আগতেই আৰম্ভ হৈছে উন্নয়নমূলক কামসমূহৰ আধাৰশিলা স্থাপন । ৰাজ্য়ৰ আন ঠাইৰ লগতে কলিয়াবৰৰ বিভিন্ন স্থানতো পূৰ্বে নিৰ্দ্ধাৰিত বহুকেইটা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী কেশৱ মহন্তই ।কলিয়াবৰত চৰকাৰী আইন মহাবিদ্যালয় আৰু আয়ুবেৰ্দিক আয়ুস চিকিৎসালয়ৰ ভূমি পূজন কৰে মন্ত্ৰীগৰাকীয়ে । একেদিনাই প্ৰায় ৫০ কোটি টকাৰ উন্নয়নমূলক কামৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা হয় । কলিয়াবৰৰ বিদ্যায়তনিক ক্ষেত্ৰৰ লগতে চিকিৎসা ক্ষেত্ৰত ৰাজ্য় চৰকাৰৰ আঁচনিৰ অধীনত সংযোজন হ’ব চৰকাৰী আইন মহাবিদ্যালয় আৰু ৫০খন বিচনাযুক্ত আয়ুস চিকিৎসালয় ।শুকুৰবাৰে আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, “আইন মহাবিদ্যালয় আৰু আয়ুস চিকিৎসালয় তদানীন্তন বিত্ত, শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই কলিয়াবৰে লাভ কৰিলে । তাৰ বাবে তেখেতক ধন্যবাদ জনাব লাগিব ৷ তেখেতৰ বাজেট ভাষণত কলিয়াবৰত এখন আইন মহাবিদ্যালয়ৰ স্থাপনৰ কথা ঘোষণা কৰিছিল । আমি যদি চাওঁ, গুৱাহাটীৰ পৰা গোলাঘাটৰ ভিতৰত আমাৰ কোনো চৰকাৰী আইন মহাবিদ্যালয় নাই । অসমৰ মধ্যস্থলত এই আইন মহাবিদ্যালয়খন স্থাপন হৈছে । আমি আশা কৰিম এই মহাবিদ্যালয়খনৰ পৰা সমগ্ৰ অঞ্চলটোয়ে উপকৃত হ’ব ।”

Releated Posts

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ ভিডিঅ’ ফুটেজক লৈ আদালতত আৰম্ভ নতুন বিতৰ্ক জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰৰ ভিডিঅ’ ফুটেজৰ…

ByByMahesh Malakar Jun 16, 2026

অসমতে সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া

অসমতে সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া স্বামীৰ সন্মুখতে অৰ্ধ উলংগ কৰা হ’ল এগৰাকী মহিলাক এফালৰ পৰা খুলি দিয়া হ’ল…

ByByMahesh Malakar Jun 16, 2026

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড আধাৰ কাৰ্ডৰ বাবে ল’ব লাগিব ৰাজ্য চৰকাৰৰ অনুমতি প্ৰয়োজনত…

ByByMahesh Malakar Jun 13, 2026

স্কুলীয়া শিক্ষাৰ্থীলৈ সকাহ চৰকাৰৰ

স্কুলীয়া শিক্ষাৰ্থীলৈ সকাহ চৰকাৰৰ ছাত্ৰ-ছাত্ৰীৰ পিঠিত আৰু নাথাকিব অতিৰিক্ত কিতাপৰ বোজা স্কুললৈ নিব নালাগে অতিৰিক্ত কিতাপ-পত্ৰ ছাত্ৰ ছাত্ৰীৰ…

ByByMahesh Malakar Jun 12, 2026
Scroll to Top