• Home
  • অসম
  • আগন্তুক ৫ দিনলৈ ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ
Image

আগন্তুক ৫ দিনলৈ ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ

প্ৰচণ্ড শীতত কঁপিছে ৰাজ্য। আগন্তুক ৫ দিনলৈ ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এই আগজাননী।

উত্তৰ-পূবৰ লগতে সাগৰপৃষ্ঠৰ বায়ুমণ্ডল নিম্নগামী হোৱাৰ ফলত বৃদ্ধি পাব শীত। শীতৰ মাজতে ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনা কৰা হৈছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা শেহতীয়া পূৰ্বাভাস অনুসৰি আগন্তুক কেইবাদিনো উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ অংশত অব্যাহত থাকিব শীতৰ প্ৰকোপ।এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা কিছু হ্ৰাস পাব আৰু বহু অঞ্চলত কুঁৱলীৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

প্ৰণিধানযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বাবে ঘন কুঁৱলীৰ সতৰ্কতা জাৰি কৰা হৈছে । সেয়া হৈছে- অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছুমান স্থানত ঘন কুঁৱলী হোৱাৰ সম্ভাৱনা। ইপিনে ঘন কুঁৱলীৰ ফলত বিশেষকৈ পুৱাৰ সময়ত ৰাজপথ আৰু নদী-কাষৰীয়া অঞ্চলত যাতায়াত কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। গাড়ী চালকসকলক ‘ফগ লাইট’ ব্যৱহাৰ কৰিবলৈ আৰু গতিবেগ নিয়ন্ত্ৰণত ৰাখিবলৈ আহ্বান জনাইছে। লগতে শিশু আৰু বৃদ্ধসকলক তীব্ৰ শীতৰ পৰা বাচি থাকিবলৈ প্ৰয়োজনীয় সাৱধানতা ল’বলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰাও আহ্বান জনোৱা হৈছে।

Releated Posts

ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…

ByByMahesh Malakar Apr 8, 2026

আজি অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী। আজি বিয়লি ৫ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ…

ByByMahesh Malakar Apr 7, 2026
Scroll to Top