দুৰ্নীতিগ্ৰস্ত আমোলাৰ বিৰুদ্ধে CM ভিজিলেন্সৰ ধাৰাবাহিক অভিযান।

দুৰ্নীতিগ্ৰস্ত আমোলাৰ বিৰুদ্ধে CM ভিজিলেন্সৰ ধাৰাবাহিক অভিযান। হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত ACS বিষয়া কবিতা ডেকাৰ বাসগৃহত অভিযান ভিজিলেন্সৰ। ২০১৯-২০ চনত সঞ্চালক ডেকাই সংঘটিত কৰিছিল বিয়াগোম নিযুক্তি কেলেংকাৰি। তদাৰকী কোষৰ সমান্তৰালকৈ কবিতা ডেকাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰকতো গোচৰ ৰুজু।

নিষিদ্ধ গো-মাংসৰে পিকনিক খাই সামাজিক মাধ্যমত আপলোডঃ ৬ জনকৈ যুৱকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ।

ৰাজ্য কপোৱা ছয়গাঁৱৰ আচলপাৰা নৃত্য শিল্পী নিৰ্যাতনৰ ঘটনাৰ পিছত পুনৰ আন এক জঘন্য ঘটনা সংঘটিত হৈছে আচলপাৰাত। গো হত্যা কৰি নাচি-বাগি গান গাই পিকনিক খাই সামাজিক মাধ্যমত ভাইৰেল কৰিছিল ১০ জনকৈ যুৱকে ভিডিঅ’। গো হত্যা কৰাৰ সমগ্ৰ দৃশ্য ভিডিঅ’ কৰি ব্লগ বনাই সামাজিক মাধ্যমত ভাইৰেল কৰিছিল যুৱক কেইজনে। তাৰ পিছতেই তৎপৰ হৈ পৰে অসম আৰক্ষী। … Read more

অসমৰ ভিন্ন প্ৰান্তত সোমাই পৰিছে আলফা(স্বাঃ)ৰ সদস্য।

অসমৰ ভিন্ন প্ৰান্তত সোমাই পৰিছে আলফা(স্বাঃ)ৰ সদস্য। ১৫ আগষ্টৰ দৰে ২৬ জানুৱাৰীতো সংঘটিত কৰিব পাৰে কূটাঘাত। আলফা স্বাধীনৰ দল প্ৰৱেশ কৰাৰ তথ্য ৰাজহুৱা গোলাঘাটৰ SPৰ। ম্যানমাৰৰ পৰা আহি অসমত থিতাপি লৈছে কেইবাজনো আলফা কেডাৰে। সংবাদ মাধ্যমক তথ্য সদৰী গোলাঘাটৰ SP ৰাজেন সিঙৰ।

লখিমপুৰত আৰক্ষী বিষয়াৰ পিষ্টল চুৰি কৰিলে দুৰ্বৃত্তই।

লখিমপুৰত আৰক্ষী বিষয়াৰ পিষ্টল চুৰি কৰিলে দুৰ্বৃত্তই। হাৰমতী আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শকৰ পিষ্টল চুৰি। সহকাৰী উপ-পৰিদৰ্শক সুন্দৰ ডেকাৰ পিষ্টল চুৰিক লৈ চাঞ্চল্য। ১১ জানুৱাৰীৰ নিশা চুৰি হৈছিল সুন্দৰ ডেকাৰ পিষ্টলটো। আৰক্ষীয়ে আজিও উদ্ধাৰ কৰিব পৰা নাই চুৰি পিষ্টলটো। সহঃ উপ-পৰিদৰ্শক সুন্দৰ ডেকাক ৰিজাৰ্ভ ক্ল’জ আৰক্ষী অধীক্ষকৰ।

ছইফ আলী খানৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ…

বলিউড অভিনেতা ছইফ আলী খানৰ মুম্বাইৰ বেন্দ্ৰাস্থিত বাসগৃহত ছুৰীৰে আঘাত কৰা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। ধৃত আক্ৰমণকাৰীক আৰক্ষীয়ে লৈ গৈছে বেন্দ্ৰা আৰক্ষী থানালৈ। আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰৰ সময়ৰ এটা ভিডিঅ’ত দেখা গৈছে মুম্বাই আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰি লৈ গৈছে। অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো কথা উল্লেখ কৰা নাই।  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তি … Read more

উত্তৰ গুৱাহাটীৰ ৰংমহলত নিশা ভূ-মাফিয়াৰ গুণ্ডাগিৰী ।

উত্তৰ গুৱাহাটী ৰংমহলত নিশা ভূ-মাফিয়াৰ গুণ্ডাগিৰী । প্ৰায় ৫০ জনীয়া এটা দুৰ্বৃত্তৰ দলে যাঠি জোং লৈ ভূমি দখলৰ চেষ্টা । ধ্ৰুৱজ্যোতি চৌধুৰীৰ নেতৃত্বত দলটোৱে চলাইছিল তাণ্ডৱ । JCB ৰে মহতীয়াই নিলে প্ৰমোদ দাস নামৰ ব্যক্তিজনৰ বাসগৃহ । গৃহস্থৰ লগতে কেইবাজনো লোকক আক্ৰমণ দলটোৰ। বিজেপিৰ বেজেৰা মণ্ডলৰ সভাপতি নয়ন বড়াকো অপদস্থ । গাঁও প্ৰধান নিৰ্মল বড়াকো … Read more

লংকাৰ নখুটি SBI চি এছ পি বেংকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

লংকাৰ নখুটি SBI চি এছ পি বেংকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নখুটি বজাৰৰ আব্দুলাৰ SBI চি এছ পি বেংকৰ পৰা তিনি দুৰ্বৃত্তই দিন-দুপৰত লূতি নিলে ১০,০০০ টকা। জানিব পৰা মতে, কালি আবেলি ২:২০ মান বজাত তিনি দুৰ্বৃত্তই এখন চাৰি চকীয়া বাহন বেংকৰ সম্মুখত ৰখাই এজন দুৰ্বৃত্ত বাহনখনৰ পৰা নামি আহি বেংকৰ ভিতৰলৈ প্ৰবেশ কৰে।। … Read more

কাহিলিপাৰাত বন্ধুৰ হাতত প্ৰাণ গ’ল বন্ধুৰ।

কাহিলিপাৰাত বন্ধুৰ হাতত প্ৰাণ গ’ল বন্ধুৰ। মৃত্যু আকাশ চৌধুৰী নামৰ এজন যুৱকৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আকাশৰ হত্যাত জড়িত ৪ জনক। নিশা সুৰাপান কৰি কাজিয়াত লিপ্ত হৈছিল ৫ যুৱক। সেই কাজিয়াতে মৃত্যু হ’ল আকাশ চৌধুৰী নামৰ যুৱকজনৰ। নিশা ৰেপিড’ চলাই জীৱন নিৰ্বাহ কৰিছিল আকাশে।

উৰুকাৰ আনন্দ উল্লাসৰ মাজতে দেৰগাঁৱত নৃশংস হত্যাকাণ্ড।

উৰুকাৰ আনন্দ উল্লাসৰ মাজতে দেৰগাঁৱত নৃশংস হত্যাকাণ্ড। পুত্ৰই হত্যা কৰিলে পিতৃক। দেৰগাঁৱৰ ভিতৰুৱা ৰাংঢালীৰ সমীপৰ থলকীয়াত সংঘটিত এই নৃশংস ঘটনা। পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি প্ৰাণ ল’লে পিতৃৰ।পুত্ৰৰ হাতত প্ৰাণ গ’ল তিলেশ্বৰ গগৈ নামৰ লোকজনৰ। পুত্ৰ সুৰেণ গগৈয়ে হত্যা কৰে পিতৃ তিলেশ্বৰ গগৈক। ইতিমধ্যে চোমনি গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পুত্ৰ সুৰেন গগৈক। সুৰাৰ বাবেই … Read more

মহানগৰীৰ গণেশগুৰিত STF ৰ অভিযান।

মহানগৰীৰ গণেশগুৰিত STF ৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ জালনোট,আটক দুই সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দুটা লখিমপুৰৰ লালুকৰ ৰুফুল আমিন আৰু হাজো দামপুৰৰ জাকিৰ হুছেইন।