• Home
  • অসম
  • বিটিআৰত পুনৰ নিৰ্বাচনী হিংসা, এইবাৰ ননৈ চেৰফাঙৰ টেংকিবস্তিত বিজেপি কৰ্মীক আক্ৰমণ
Image

বিটিআৰত পুনৰ নিৰ্বাচনী হিংসা, এইবাৰ ননৈ চেৰফাঙৰ টেংকিবস্তিত বিজেপি কৰ্মীক আক্ৰমণ

বিটিচি নিৰ্বাচনলৈ মাজত মাথোঁ তিনিটা দিন বাকী থকাৰ মুহূৰ্ততে বিটিআৰত পুনৰ নিৰ্বাচনী হিংসাৰ ঘটনা। এইবাৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ টেংকিবস্তিত বিজেপি কৰ্মীক আক্ৰমণ।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰিৰ তিনিটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰা সময়তেই ননৈ চেৰফাঙত সংঘটিত হয় নিৰ্বাচনী হিংসা। UPPLৰ কৰ্মীয়ে বিজেপিৰ কৰ্মীক আক্ৰমণ চলোৱাৰ অভিযোগ।

অভিযোগ অনুসৰি পৰিকল্পিতভাৱে আক্ৰমণ চলাইছিল UPPL কৰ্মীয়ে, হাতে-হাতে ৰ’ড, লাঠি, শিলগুটি লৈ আগছি ধৰিছিল বিজেপি কৰ্মীৰ বাহন।

বিজেপি কৰ্মীৰ বাহন ক্ষতিগ্ৰস্ত কৰাৰ উপৰিও এগৰাকী মহিলাক আক্ৰমণ কৰিবলৈ চোঁচা লৈছিল প্ৰায় ১০-১৫ জনীয়া উদণ্ড যুৱকৰ দলে।

বিজেপিৰ প্ৰাৰ্থী সঞ্জিৎ তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অৰ্জুন চেত্ৰীৰ AS ০১ EB ৩৫০৪ নম্বৰৰ আৰ্টিকা বাহনখন ভাঙি চুড়মাৰ কৰে।

ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত টেংকিবস্তিত সংঘটিত হয় এই ঘটনা।

ইতিমধ্যে নিশাই ৮ গৰাকী ব্যক্তিৰ বিৰুদ্ধে ডিমাকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বিজেপি কৰ্মীয়ে।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top