• Home
  • অসম
  • ধুনীয়া হোৱাটো যোগ্যতাৰ মাপকাঠি নহয় ; জ্ঞানশ্ৰী বৰা
Image

ধুনীয়া হোৱাটো যোগ্যতাৰ মাপকাঠি নহয় ; জ্ঞানশ্ৰী বৰা

 আগন্তুক বিধানসভা নিৰ্বাচনত মৰিয়নী সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ড৹ জ্ঞানশ্ৰী বৰাই । ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক সমষ্টিটোৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কটাক্ষ কৰাৰ পিছত বিধায়কগৰাকীৰ দায়িত্ব আৰু কৰ্মৰাজিক সমালোচনা কৰি জ্ঞানশ্ৰী বৰাই কেইবাটাও প্ৰশ্ন সংবাদ মাধ্য়মৰ জৰিয়তে উত্থাপন কৰিলে ।

দেওবাৰে কাজিৰঙাৰ দুৰ্গাপুৰস্থিত কাজিৰঙা অৰ্কিড উদ্যানত ৰাইজৰ দলৰ এক আলোচনাত অংশ ল’বলৈ অহা জ্ঞানশ্ৰী বৰাই সংবাদ মাধ্যমৰ আগত কয়, “মৰিয়নীত যোৱা মোৰ বেছিদিন হোৱা নাই; কিন্তু যোৱা দিনকেইটাত ৰাইজৰ যথেষ্ট মৰম পাইছো ৷ এই মৰম হয়তো এইবাবেই পাইছো, কাৰণ বিগত সময়ত একেজনে ব্যক্তি, তেখেতৰ পৰিয়ালে দীৰ্ঘদিন ধৰি মৰিয়নীৰ ৰাইজক জনপ্ৰতিনিধি হিচাপে যিদৰে উত্থাপন কৰিব লাগিছিল বিষয়বোৰ, সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত তেখেতে এইক্ষেত্ৰত ব্যৰ্থ ৷ “বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জ্ঞানশ্ৰী বৰাক সৰু, ধুনীয়া বুলি মন্তব্য কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, “চাওক বয়স মোৰ ৩৪ হ’বৰ হ’ল, গতিকে সৰু মই নহয় ৷ দ্বিতীয়তে ধুনীয়া হোৱাটো বা দেখিবলৈ কেনেকুৱা কোন ব্যক্তি এইটো জনপ্ৰতিনিধি এজন হোৱাৰ যোগ্যতাৰ মাপকাঠি নহয় ৷ জনপ্ৰতিনিধি এজন হোৱাৰ যোগ্যতাৰ মাপকাঠি হ’ল তেওঁ নিজৰ বিষয়-বস্তুবোৰ উপস্থাপন কৰিব পাৰিছেনে নাই ? তেওঁ যিখিনি দায়িত্ব বা বিশ্বাসেৰে ৰাইজে ভোট দিয়ে । সেই ভোটটোৰ বিনিময়ত যিখিনি ৰাইজৰ বাবে অধিকাৰৰ প্ৰশ্ন, সমস্যাৰ সমাধানৰ কথা, এই কথাবোৰত তেওঁৰ ‘ডিছিচন’ কি, তেওঁ আচলতে নিৰ্ণায়ক ভূমিকা ল’ব পাৰিছেনে নাই সমস্যা সমাধানৰ ক্ষেত্ৰত ৷ গতিকে মই ভাবো যে ধুনীয়া হোৱা দেখিবলৈ কোনোবা এইটো এটা মানুহৰ নিজৰ নিজৰ ব্যক্তিগত চিন্তা; কিন্তু সেইটো কেতিয়াও যোগ্যতাৰ মাপকাঠি নহয় ৷ “”মানুহৰ বাহ্যিকৰূপে কিবা এনেক্ষেত্ৰত কিবা নিৰ্ণায়ক ভূমিকা লয় বুলিও মই নাভাবো 

Releated Posts

ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত কুংকি চৌধুৰী

মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী ভোটগ্ৰহণৰ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত পৰিল । কুংকি চৌধুৰীৰ…

ByByMahesh Malakar Apr 10, 2026

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন

জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…

ByByMahesh Malakar Apr 10, 2026

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে…

ByByMahesh Malakar Apr 10, 2026

পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে

যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট…

ByByMahesh Malakar Apr 9, 2026
Scroll to Top