কলিয়াবৰৰ জমখলাত ৰহস্যজনক ঘটনা।

কলিয়াবৰৰ জমখলাত ৰহস্যজনক ঘটনা। ক্ষত বিক্ষত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ। বিচনাৰ কাষতে পৰি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ । মৃত যুৱকজনৰ নাম গুণমনি বৰা। ৪০ বছৰীয়া যুৱকজনে নিশা অত্যধিক মদ্যপান কৰি কাজিয়াত লিপ্ত হৈছিল মাতৃৰ সৈতে। আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

ধিঙৰ টুকটুকীত জমীয়তৰ উদ্যোগত অসমৰ প্ৰথমখন প্ৰাৰম্ভিক স্কাউট মাষ্টাৰ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ ।

নগাওঁ জিলাৰ ধিঙৰ বৃহত্তৰ টুকটুকীৰ কটহগুৰিত প্ৰাৰম্ভিক স্কাউট মাষ্টাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে ।জানিব পৰা মতে, অসম জমীয়ত য়ুথ ক্লাৱৰ উদ্যোগত ভাৰতৰ স্কাউট আৰু গাইডৰ প্ৰথমখন প্ৰশিক্ষণ শিবিৰ পোনপ্ৰথমবাৰৰ বাবে কটহগুৰি টুকটুকী দাৰুল উলুম মাদ্ৰাছাত শুভাৰম্ভ কৰা হয় । ৪৫ জন প্ৰশিক্ষাৰ্থীক পাঁচগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ দিব বুলি জানিব পৰা গৈছে । ১৩ অক্টোবৰৰ পৰা ২০ … Read more

মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিঙত শিশুৰ মৃতদেহ উদ্ধাৰ।

মৃতদেহটো মাৰ্ঘেৰিটাৰ পৰা নিৰুদ্দিষ্ট হোৱা ৫ বছৰীয়া শিশু অভিমন্যু চক্ৰৱৰ্তীৰ।নৱমীৰ পুৱা ঘৰৰ পৰাই নিৰুদ্দিষ্ট হোৱা ৫ বছৰীয়া শিশু অভিমন্যু চক্ৰৱৰ্তী মৃতদেহমাৰ্ঘেৰিটা বুঢ়ীদিহিং নৈত উদ্ধাৰ কৰা হয় ।আজি পুৱা স্থানীয় লোকে বুঢ়ীদিহিং নৈত শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰাৰ লগত মৃতদেহটোমৰোণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

দুদিনীয়াকৈ উদযাপন কৰা ৩৬ সংখ্যক মৰিগাঁও জিলা দিৱসৰ প্ৰথমদিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ ।

১৯৮৯ চনৰ ১৪ অক্টোবৰত অবিভক্ত নগাঁও জিলাৰ পৰা মৰিগাঁও মহকুমাক সুকীয়া জিলা হিচাপে অসম চৰকাৰে ঘোষণা কৰিছিল। বৰ্তমান মৰিগাঁও জিলা গঠনৰ বয়স ৩৬ বছৰ হোৱাৰ শুভক্ষণত তৃতীয় বাৰৰ বাবে আড়ম্বৰপূৰ্ণভাৱে “জিলিকাব লুইতৰে পাৰ” শীৰ্ষক নামাকৰণ কৰি আয়োজন কৰিছে মৰিগাঁও দিৱস। বিশেষকৈ মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা বাসী ৰাইজৰ অকুণ্ঠ সঁহাৰিত দুদিনীয়াকৈ উদযাপন কৰা মৰিগাঁও জিলা … Read more

মৰিগাঁৱৰ পলাতক ৫ কয়দীৰ এজনৰ মৃতদেহ উদ্ধাৰ ।

দেৱাগুৰী বিলৰ মেটেকাৰ তলৰ পৰা উদ্ধাৰ মৃতদেহটো।মৃতদেহ উদ্ধাৰ হোৱা কয়দীজনৰ নাম আব্দুল ৰছিদ উৰফে বইলাৰ।আব্দুল ৰছিদৰ ঘৰ দেৱাগুৰীত।আজি পুৱাৰ ভাগতে আব্দুল ৰছিদৰ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰে।শুকুৰবাৰৰ নিশাৰ পৰা পলাতক কয়দীৰ ঘৰে ঘৰে অভিযান চলাইছিল আৰক্ষীয়ে।আৰক্ষীৰ জালত পৰাৰ আতংকত বিলত জাঁপ দিছিল কয়দী আব্দুল ৰছিদ উৰফে বইলাৰে ।POCSOগোচৰত বিছাৰাধীন হৈ আছিল পলাতক মৃত কয়দীজন ।আন চাৰিজন … Read more

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭৬ সংখ্যক জন্মজয়ন্তী । জাগীৰোডৰ বিভিন্ন অঞ্চল মুখৰিত হৰিনামৰ ধ্বনিৰে ।

আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিনটো উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে । একেদৰে মৰিগাঁও জিলাৰ অন্তৰ্গত কপিলী আঞ্চলিক শাখাৰ উন্নতপাৰা প্ৰাথমিক শাখাইও বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো এক বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱভাগ দুদিনীয়াকৈ উদযাপন কৰে । ৰবিবাৰে পুৱা আঞ্চলিক শাখাৰ উপদেষ্টা নৰেশ্বৰ ভৰালীয়ে পতাকা উত্তোলন কৰাৰ পাছতেই উলিওৱা … Read more

এখন ব্যতিক্ৰমী দুৰ্গাপূজা ৷ কিন্তু কিয় ? সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

সৰুপথাৰ সম জিলাৰ বৰপথাৰৰ সমন্বয় দুৰ্গাপূজা ভাগ ব্যতিক্ৰমী পূজা হিচাপে অঞ্চলটোৰ ভিতৰতে পৰিগণিত হৈছে ৷ পূজাভাগত হিন্দু, মুছলিম, খ্ৰীষ্টান সকলো ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ সমন্বয়েৰে, একতাৰে পূজাভাগ অনুষ্ঠিত কৰি আহিছে ৷ সপ্তম বৰ্ষ গৰকা পূজাভাগত বিভিন্ন জাতি জনজাতিৰ লগতে বিভিন্ন ধৰ্মৰ লোকে দান বৰঙণি দি ওত:প্ৰোতভাৱে জড়িত হৈ আহিছে ৷ যিসময়ত হিন্দু মুছলিমৰ মাজত বিভিন্ন … Read more

মহাৰাষ্ট্ৰৰ NCPনেতা তথা প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক গুলীয়াই হত্যা ।

লৰেন্স বিষ্ণইৰ দলে গুলীয়াই হত্যা কৰাৰ সন্দেহ ।এখন বাহনেৰে আহি ৩ দুবৃৰ্ত্তই গুলীচালনা কৰে বাবা ছিদ্দিকীক ।১৫ দিন পূৰ্বে বাবা ছিদ্দিকীয়ে অজ্ঞাত লোকৰ পৰা পাইছিল হত্যাৰ ভাবুকি ।ইতিমধ্যে মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে আটক কৰিছে দুই অভিযুক্তক ।ধৃত দুই অভিযুক্ত কৰ্নাইল সিং আৰু ধৰম সিং কাশ্যপ বুলি জানিব পৰা গৈছে ।দুই অভিযুক্তৰ ঘৰ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত ।

ভাগৱত ভ্ৰমণ আৰু গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰি ডিগবৈত শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱৰ শুভাৰম্ভ ।

ডিগবৈ বৰবিল সাৰ্বজনীন নামঘৰৰ আতিথ্যত আৰু ডিগবৈৰ ১৯ ভাগ নামঘৰৰ যৌথ উদ্যোগত ৫ দিনীয়াকৈ আয়োজিত শ্ৰীমন্ত শংকৰদেৱ ৫৭৬ সংখ্যক জন্মোৎসৱৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰা হয় । আজি প্ৰথমদিনা পুৱাৰ নাম প্ৰসংগ,অখণ্ড বন্তি প্ৰজ্বলন, ১৯ ভাগ নামঘৰৰ ধৰ্মধ্বজ্জা উত্তোলন, গ্ৰন্থমেলা দ্বাৰ উদঘাটন, প্ৰদৰ্শনী দ্বাৰ উদঘাটন আৰু ডিগবৈ চহৰত পদযাত্ৰা কৰি, ভাগৱত ভ্ৰমণ কৰি, হৰিনাম কীৰ্তন কৰি ৰজনজনাই … Read more

আগমনীৰ সোনাখুলিত দুৰ্ঘটনাত নিহত ৪ গৰাকীকৈ শিশু ।

আগমনীৰ সোনাখুলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।মহা অষ্টমীৰ পুৱাই সংঘটিত হয় দুৰ্ঘটনাটো ।AS17L6331নম্বৰৰ এখন চাৰিচকীয়া বাহনে মহতীয়াই নিলে চাৰি গৰাকী শিশুক ।চাৰিগৰাকী শিশুৰ তিনিগৰাকী থিতাতে নিহত ।চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু এগৰাকী ৪০ দিনীয়া শিশুৰ ।নিহত মৰিয়ম খাতুন ,জুবাইৰ ৰহমান ,আবু ৰাইহান ,মেহেদি হুছেইন বুলি জানিব পৰা গৈছে ।আবু ৰাইহানৰ বয়স মাথোঁ ৪০ … Read more