দিছপুৰ সমষ্টিৰ টিকটৰ পৰা বঞ্চিত অতুল বৰাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মুখ্যমন্ত্ৰীগৰাকীয়ে অতুল বৰাৰ সৈতে বাৰ্তালাপৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “মই অতুল দাক সাক্ষাৎ কৰিব আহিছিলো । দিছপুৰ সমষ্টিৰ পৰা টিকট নিশ্চিত আছিল, কিন্তু বিশেষ এটা ৰাজনৈতিক বিৱৰ্তনৰ কাৰণে বঞ্চিত হ’ল । অতুল বৰা আমাতকৈ ডাঙৰ । তেওঁ দুষাৰ ক’লে আমি শুনিবও লাগিব । যোৱা কালি জয়ন্ত মল্লবৰুৱা আহি উপস্থিত হৈছিল । আমাৰ কি অসুবিধা হৈছিল সেইখিনি জনাইছো । ময়ো আজি কথা বতৰা পাতিলো ।”আনহাতে, সংবাদ মাধ্যমৰ আগত অতুল বৰাই কয়, “মোৰ মীৰা বৰঠাকুৰৰ প্ৰতি মোৰ আশীৰ্বাদ আছেই । মই তিনিটা সিদ্ধান্তৰ কথা কৈছিলো । হয়, মই মীৰা বৰঠাকুৰক সমৰ্থন কৰিম, হয় মই নিৰ্দলীয় খেলিম আৰু নহ’লে মই মনে মনে থাকিম । অহা ২২ তাৰিখে সংবাদমেলৰ জৰিয়তে মোৰ স্থিতি স্পষ্ট কৰিম । আজি মুখ্যমন্ত্ৰী মোৰ ঘৰত আহিছে মই ভাল পাইছো ।”

অতুল দা বিজেপিত আছে আৰু থাকিব :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
Tags:
Releated Posts
‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’
জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ দুচকুত কেৱল চকুলো ‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’ ‘জুবিনে ন্যায় নাপালে ন্যায়…
অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই
অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…
অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি
অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি ১মে’ৰ পৰা ৪ মে’ পৰ্যন্ত বতৰে চলাব তাণ্ডৱলীলা ঘন্টাত ৪০-৫০কিঃমিঃ বেগেৰে ধুমুহা…
বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে
বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে ১০০খন নহয়,মাত্ৰ ৪০খন আসনহে পাব বিজেপিয়ে ২০২১ৰ দৰে ভুল প্ৰমাণিত…











