• Home
  • অসম
  • অতুল দা বিজেপিত আছে আৰু থাকিব  :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
Image

অতুল দা বিজেপিত আছে আৰু থাকিব  :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

দিছপুৰ সমষ্টিৰ টিকটৰ পৰা বঞ্চিত অতুল বৰাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মুখ্যমন্ত্ৰীগৰাকীয়ে অতুল বৰাৰ সৈতে বাৰ্তালাপৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “মই অতুল দাক সাক্ষাৎ কৰিব আহিছিলো । দিছপুৰ সমষ্টিৰ পৰা টিকট নিশ্চিত আছিল, কিন্তু বিশেষ এটা ৰাজনৈতিক বিৱৰ্তনৰ কাৰণে বঞ্চিত হ’ল । অতুল বৰা আমাতকৈ ডাঙৰ । তেওঁ দুষাৰ ক’লে আমি শুনিবও লাগিব । যোৱা কালি জয়ন্ত মল্লবৰুৱা আহি উপস্থিত হৈছিল । আমাৰ কি অসুবিধা হৈছিল সেইখিনি জনাইছো । ময়ো আজি কথা বতৰা পাতিলো ।”আনহাতে, সংবাদ মাধ্যমৰ আগত অতুল বৰাই কয়, “মোৰ মীৰা বৰঠাকুৰৰ প্ৰতি মোৰ আশীৰ্বাদ আছেই । মই তিনিটা সিদ্ধান্তৰ কথা কৈছিলো । হয়, মই মীৰা বৰঠাকুৰক সমৰ্থন কৰিম, হয় মই নিৰ্দলীয় খেলিম আৰু নহ’লে মই মনে মনে থাকিম । অহা ২২ তাৰিখে সংবাদমেলৰ জৰিয়তে মোৰ স্থিতি স্পষ্ট কৰিম । আজি মুখ্যমন্ত্ৰী মোৰ ঘৰত আহিছে মই ভাল পাইছো ।”

Releated Posts

৭টা সমষ্টিত প্ৰাৰ্থিত্ব দি কংগ্ৰেছে প্ৰকাশ কৰিলে চতুৰ্থখন তালিকা

১১টা সমষ্টি ৰাইজৰ দলক এৰি ৭টা সমষ্টিত প্ৰাৰ্থিত্ব দি কংগ্ৰেছে প্ৰকাশ কৰিলে চতুৰ্থখন তালিকা জালুকবাৰী: বিদিশা নেওগ টংলা…

ByByMahesh Malakar Mar 21, 2026

ধুবুৰীৰ ঈদগাহত ১০ হাজাৰ লোকে আদায় কৰিলে ঈদৰ নামাজ

 আজি পৱিত্ৰ ঈদ উল ফিতৰ। বিশ্বৰ আন প্ৰান্তৰ দৰেই ধুবুৰীতো পৱিত্ৰ ঈদ উল ফিতৰ উৎসৱ উলহ-মালহেৰে পালন কৰা…

ByByMahesh Malakar Mar 21, 2026

ঘোষণা হ’ল বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা

ঘোষণা হ’ল বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা দলগাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুশ্ৰী কৃষ্ণ সাহা বহু প্ৰত্যাশিত চিচিবৰগাঁওত বিজেপিৰ প্ৰাৰ্থী…

ByByMahesh Malakar Mar 21, 2026

কংগ্ৰেছৰ ২২ জনীয়া তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ 

 কংগ্ৰেছ দলে বৃহস্পতিবাৰে ঘোষণা কৰিলে ২২ জনীয়া তৃতীয়খন প্ৰাৰ্থী তালিকা । ইয়াৰ পূৰ্বে কংগ্ৰেছে ৪২ জনীয়া প্ৰথমখন আৰু…

ByByMahesh Malakar Mar 20, 2026
Scroll to Top