পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ কৰে যুৱককেইজনে। পূৰ্বেও জুবিনক্ষেত্ৰত একাংশ সুৰামত্ত লোকে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল। জুবিনক্ষেত্ৰত একাংশই সুৰাপান কৰি থকা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। থিক একেদৰে পুনৰ জুবিনক্ষেত্ৰত সুৰামত্ত যুৱকৰ উদ্ভণ্ডালি। অভিযোগ অনুসৰি সুৰাসক্ত যুৱককেইজনে মহিলা আৰক্ষী কনিষ্টবলকে ধৰি যানবাহনৰ আৰক্ষীক অশালীন ব্যৱহাৰ কৰে।
আহত বিষ্ণু দৈমাৰী আৰু বিকাশ দৈমাৰী নামৰ দুই জোৱান। ইতিমধ্যেই সোণাপুৰ আৰক্ষীৰ জালত পৰিছে জুবিনক্ষেত্ৰত উদ্ভাণ্ডালি কৰা এই সুৰাসক্ত যুৱককেইজন। আটক কৰা তিনি যুৱক ক্ৰমে দক্ষিণ শালমাৰাৰ ফুলবাৰী গাঁৱৰ আলম আলী, শুৱালকুছিৰ দুই যুৱক মুকুট দাস আৰু ৰঞ্জন দাস ৷ ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।












