Image

নগাঁৱৰ বিন্দাচ ধাবাত যৌনতাৰ বিন্দাচ বেহা !

নগাঁৱৰ বৰঘাট বাইপাছৰ একাংশ ধাবাত যৌন ব্যৱসায় চলি অহা বুলি দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে ধাবাত যৌনতাৰ বেহা চলাৰ তথ্য । ধাবা খুলি একাংশ লোকে ধাবাৰ নামত কেৱল দেহ ব্যৱসায় চলাই থকাৰ অভিযোগ প্ৰায়েই উত্থাপন হোৱাৰ সময়তে শনিবাৰে নগাঁও আৰক্ষীৰ এটা দলে হঠাৎ অভিযান চলাই নগাঁৱৰ বৰঘাট বাইপাছৰ বিন্দাচ নামৰ ধাবাখনত ।

এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত পোহৰলৈ আহে ধাবাত যৌন ব্যৱসায় চলাৰ তথ্য । শনিবাৰে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হঠাৎ অভিযান চলাই ধাবাখনৰ ভিতৰত

ধাবাৰ ভিতৰত প্ৰৱেশ কৰিয়েই কেবাহাল যুৱক-যুৱতীক অসংযত অৱস্থাত আটক কৰে বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে ।

বাইপাছৰ বিন্দাচ ধাবাত চলোৱা অভিযানৰ সময়ত তিনিগৰাকী যুৱতীৰ লগতে চাৰিজন যুৱকক আটক কৰে নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ দলটোৱে । অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে । মাদক দ্ৰব্যৰ বটলৰ লগতে গৰ্ভনিৰোধক ঔষধো উদ্ধাৰ হয় বিন্দাচ ধাবাখনৰ পৰা ।

নগাঁৱৰ বিন্দাচ ধাবাত আৰক্ষীৰ দলে চলোৱা অভিযান সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে কয়, “এই ধাবাখনৰ লগতে ওচৰে পাজৰে থকা ধাবাসমূহতো দেহ ব্যৱসায় চলি আছে বুলি আমি বহুদিনৰ পৰাই শুনি আছিলো । সেইটোৰ ভিত্তিতে আমি এটা অভিযান চলালো । ছোৱালী তিনিজনীৰ লগতে ল’ৰা কেবাজনকো অসংযত অৱস্থাত পাইছো ৷ লগতে গাড়ী এখনো জব্দ কৰিছো

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top