• Home
  • অসম
  • বিশ্বনাথৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডত কৃত্ৰিম বানপানী, বুৰি গৈছে শতাধিক বাসগৃহ

বিশ্বনাথৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডত কৃত্ৰিম বানপানী, বুৰি গৈছে শতাধিক বাসগৃহ

গুৱাহাটী মহানগৰী নহয়। এইবাৰ কৃত্ৰিম বানত বুৰিল বিশ্বনাথ। বিশ্বনাথৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডৰ খালপাৰাত নিশা ভাগৰপৰা নেৰানেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিছে প্ৰায় ১ শতাধিক বাসগৃহ।

বৰষুণৰ পানী ওলাই যোৱাৰ সুবিধা নথকাৰ বাবে সৃষ্টি হৈছে কৃত্ৰিম বানপানী৷ ৰাইজৰ নাজল নাথল অৱস্থা৷

বিশ্বনাথ চাৰিআলি পৌৰসভাই ড্ৰেইনৰ ব্যৱস্থা ভাল কৰি নিদিয়াৰ বাবেই এই সমস্যা হোৱা বুলি ৰাইজৰ অভিযোগ৷ ৰাইজে বহুবাৰ ড্ৰেইনৰ ব্যৱস্থা কৰিবলৈ কৈছিল যদিও এই ড্ৰেইন আজিকোপতি নহ’ল৷

মাষ্টৰ ড্ৰেইন আছে যদিও জাৱৰ-জোঁথৰে পুতি পেলোৱাৰ বাবেই এই সমস্যা৷ ৫নং ৱাৰ্ডৰ ঘৰে ঘৰে পাকঘৰ, বেডৰুম, বাথৰুম আদিত একাঁঠু একাঁঠু পানী সোমোৱাত খোৱা-বোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাবলৈও সমস্যা হৈছে৷

সেয়ে ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমজ্যোতি বৰঠাকুৰক হস্তক্ষেপ কৰি এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ বিনম্ৰভাবে আহ্বান জনাইছে। বিশ্বনাথৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডৰ খালপাৰাৰ ভুক্তভোগী ৰাইজে জনাইছে এই আহ্বান।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top