• Home
  • অসম
  • বিশ্বনাথৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডত কৃত্ৰিম বানপানী, বুৰি গৈছে শতাধিক বাসগৃহ

বিশ্বনাথৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডত কৃত্ৰিম বানপানী, বুৰি গৈছে শতাধিক বাসগৃহ

গুৱাহাটী মহানগৰী নহয়। এইবাৰ কৃত্ৰিম বানত বুৰিল বিশ্বনাথ। বিশ্বনাথৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডৰ খালপাৰাত নিশা ভাগৰপৰা নেৰানেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিছে প্ৰায় ১ শতাধিক বাসগৃহ।

বৰষুণৰ পানী ওলাই যোৱাৰ সুবিধা নথকাৰ বাবে সৃষ্টি হৈছে কৃত্ৰিম বানপানী৷ ৰাইজৰ নাজল নাথল অৱস্থা৷

বিশ্বনাথ চাৰিআলি পৌৰসভাই ড্ৰেইনৰ ব্যৱস্থা ভাল কৰি নিদিয়াৰ বাবেই এই সমস্যা হোৱা বুলি ৰাইজৰ অভিযোগ৷ ৰাইজে বহুবাৰ ড্ৰেইনৰ ব্যৱস্থা কৰিবলৈ কৈছিল যদিও এই ড্ৰেইন আজিকোপতি নহ’ল৷

মাষ্টৰ ড্ৰেইন আছে যদিও জাৱৰ-জোঁথৰে পুতি পেলোৱাৰ বাবেই এই সমস্যা৷ ৫নং ৱাৰ্ডৰ ঘৰে ঘৰে পাকঘৰ, বেডৰুম, বাথৰুম আদিত একাঁঠু একাঁঠু পানী সোমোৱাত খোৱা-বোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাবলৈও সমস্যা হৈছে৷

সেয়ে ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমজ্যোতি বৰঠাকুৰক হস্তক্ষেপ কৰি এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ বিনম্ৰভাবে আহ্বান জনাইছে। বিশ্বনাথৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডৰ খালপাৰাৰ ভুক্তভোগী ৰাইজে জনাইছে এই আহ্বান।

Releated Posts

কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL

এইবাৰ কোনে গঠন কৰিব চৰকাৰ কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিব…

ByByMahesh Malakar Apr 29, 2026

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ চিপৰাং,গাড্ডাৰ শব্দৰে সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তাক সকীয়নি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দলৰ…

ByByMahesh Malakar Apr 29, 2026

ন্যায় নাপায় জুবিন গাৰ্গে

ন্যায় নাপায় জুবিন গাৰ্গে জুবিন গাৰ্গৰ আত্মাইও আৰু শান্তি নাপায় নিৰ্বাচন শেষ জুবিন গাৰ্গৰ ন্যায়ো শেষ ফেচবুকত আৱেগ…

ByByMahesh Malakar Apr 29, 2026

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ১৪২টা সমষ্টিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ লগে লগে…

ByByMahesh Malakar Apr 29, 2026
Scroll to Top