• Home
  • অপৰাধনামা
  • জুবিন গাৰ্গৰ ঘটনাৰ তৃতীয়টো শুনানিৰ পিছত ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট
Image

জুবিন গাৰ্গৰ ঘটনাৰ তৃতীয়টো শুনানিৰ পিছত ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট

জুবিন গাৰ্গৰ ঘটনাৰ তৃতীয়টো শুনানিৰ পিছত ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট –

জুবিন গাৰ্গে ন্যায় পাবনে???

“State of Assam vs accused Shyamkanu Mahanta, Siddhartha Sharma, Sekhar Jyoti Goswami,Amrit Prabha Mahanta……”

এনেকৈয়ে জুবিন গাৰ্গৰ case টো কৰ্টত মহামান্য Judge ৰ আগত Public Prosecutor জনে আৰম্ভ কৰে (court ৰ নিয়ম অনুসৰি), “Zubeen Garg vs…” বুলি নকয়। কাৰণ জুবিন গাৰ্গ মানে অসম আৰু অসম মানে আমিবোৰ।

আজিৰ আদালতৰ তৃতীয়টো শুনানিৰ পিছত জানিব পাৰিলোঁ যে মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা,শ্যামকানু মহন্ত, অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামীয়ে নিজৰ নিজৰ অধিবক্তা নিয়োগ কৰিছে। অমৃতপ্ৰভা মহন্তই ইতিমধ্যে শ্ৰীযুত আনন্দ ভূঞাৰ জৰিয়তে বেইল আবেদন কৰিছে ,সিদ্ধাৰ্থই চুপ্ৰিম ক’ৰ্টৰ পৰা অনিল মিশ্ৰ আৰু শ্যামকানু মহন্তই কলিকতাৰ পৰা ৰাজদ্বীপ নামৰ কোনোবা এজন অধিবক্তা আনিছে আৰু সিহঁতে আদালতৰ আইনী যুঁজখনৰ বাবে সাংঘাটিক ধৰণে নিজক যিমান পাৰি শক্তিশালী হৈ সাজু হৈছে ।

আমাৰ পক্ষ শক্তিশালী হ’বলৈ এতিয়াও বাকী!

যদি এইয়াই ন্যায়ৰ যুঁজ হয় তেতিয়াহলে এই ‘হত্যাকাৰী’কেইটা (SIT তদন্ত অনুসৰি আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও Assembly ত সজোৰে কৈছিল) মুক্ত আকাশৰ তলত চৰি ফুৰিবলৈ বেছি সময় নালাগিব। জুবিন গাৰ্গৰ নিচিনা ঈশ্বৰপুত্ৰক যি নেৰিলে, সিহঁতে বাৰে বাৰে আৰু হাজাৰটা সহজ সৰল অসমীয়াক লুটি পুতি খাই মাৰি পেলাবলৈ অকণো চিন্তা নকৰিব!

আৰু তেতিয়া অকল জুবিন গাৰ্গৰ পৰাজয় নহয় আদালতত… পৰাজয় হ’ব অসম ৰাজ্যৰ আৰু অসমীয়াৰ! কাৰণ এইয়াতো “State of Assam vs accused….” হয় ,”Zubeen Garg vs…” নহয়!

জুবিন গাৰ্গ মানে অসম, আৰু অসম মানে আমি!

Releated Posts

ঈদৰ প্ৰাকক্ষণত মুছলমান সমাজক ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ঈদৰ প্ৰাকক্ষণত মুছলমান সমাজক ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈদত কোৰবাণী নিদিয়ে অসমৰ মুছলমানে অসম বিধানসভা…

ByByMahesh Malakar May 26, 2026

জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে

জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰঘোষণা ফাষ্টট্ৰেক আদালতৰ এতিয়াৰে পৰা…

ByByMahesh Malakar May 26, 2026

বহু জল্পনা-কল্পনা অন্তত কংগ্ৰেছে ঘোষণা কৰিলে বিধায়িনী দলৰ নেতাৰ নাম

বহু জল্পনা-কল্পনা অন্তত কংগ্ৰেছে ঘোষণা কৰিলে বিধায়িনী দলৰ নেতাৰ নাম নিৰ্বাচনৰ ফলাফলৰ ২১ দিন পিছতে কংগ্ৰেছে ঘোষণা কৰিলে…

ByByMahesh Malakar May 26, 2026

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন অভিযুক্তই গোচৰটোৰ পৰা অব্যাহতি বিচাৰি কৰা আবেদনৰ দিব ৰায় ন্যায়াধীশ…

ByByMahesh Malakar May 26, 2026
Scroll to Top