• Home
  • অপৰাধনামা
  • মহানগৰীত পূৰ্বোদয় ভৱনত এগৰাকী পৰ্টেল সাংবাদিকৰ চ*ৰ*ম সিদ্ধান্ত
Image

মহানগৰীত পূৰ্বোদয় ভৱনত এগৰাকী পৰ্টেল সাংবাদিকৰ চ*ৰ*ম সিদ্ধান্ত

গুৱাহাটীত ঘটিছে এক চাঞ্চল্যকৰ ঘটনা। খ্ৰীষ্টানবস্তিত এগৰাকী যুৱতী সাংবাদিকে কৰিলে আত্মহত্যা। এটা পৰ্টেলত কৰ্মৰত আছিল যুৱতীগৰাকী। চৰম সিদ্ধান্ত লোৱা যুৱতীগৰাকীৰ নাম ৰিতুমণি ৰয়। ৫ ডিচেম্বৰত বিয়া আছিল ৰিতুমণিৰ। বিয়ালৈ আছিল মাজত মাত্ৰ ১১দিন।

সকলো যো-জা চলি আছিল। চিঠিও ছপা কৰি উলিয়াই বিয়াৰ নিমন্ত্ৰণ দিছিল ৰিতুমণিয়ে। কিন্তু হঠাতে যেন কাল অমানিশা নামি আহিল। গুৱাহাটীত এটা সংবাদমাধ্যমত বাতৰি পৰিৱেশক হিচাপে কাম কৰা ৰিতুমণিয়ে জীৱনৰ সকলো মায়া মোহ ত্যাগ কৰি ল’লে চৰম সিদ্ধান্ত। গুৱাহাটীৰ কাহিলীপাৰাত ঘৰ যুৱতীগৰাকীৰ।

সংবাদ প্ৰতিষ্ঠানটোৰ ভিতৰতে উদ্ধাৰ হ’ল ৰিতুমণিৰ মৃতদেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সদৰি কৰা তথ্য অনুসৰি, যোৱা ২৩নৱেম্বৰত পুৱাতেই ডিউটিলৈ আহিছিল যুৱতীগৰাকী। কিন্তু পুৱাতেই অফিচলৈ আহি নিশালৈকে ঘৰলৈ যোৱা নাছিল তেওঁ।।

অৱশেষত ৰাতিপুৱাৰ ভাগত তেওঁৰ নিথৰ দেহ উদ্ধাৰ হয় কাৰ্যালয়ৰ এটা কোঠাত। যুৱতীগৰাকীয়ে এখন চিঠিও লিখি থৈ গৈছে। চিঠিখনত লিখা হৈছে- সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত। সকলো ভালে থাকিব মোৰ অবিহনে। ছুইচাইড নোটত দেউতাকৰ ফোন নম্বৰটোও লিখি থৈ গৈছে তেওঁ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ৰিতুমণিৰ পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী। জানিব পৰা মতে পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ নাছিল ৰিতুমণি ৰয়ৰ।

Releated Posts

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত ধুবুৰী জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কোৰবাণী এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব…

ByByMahesh Malakar May 22, 2026

‘ডকাইতৰ চৰকাৰ, গুণ্ডা চৰকাৰে শেষ কৰিলে ৰাজ্য’

‘ডকাইতৰ চৰকাৰ, গুণ্ডা চৰকাৰে শেষ কৰিলে ৰাজ্য’ ‘এই চৰকাৰ থাকিলে ৰাজ্যত প্ৰয়োজন নাই ডকাইতৰ’ ‘কেৱল মাত্ৰ নিৰ্বাচন জিকিবৰ…

ByByMahesh Malakar May 22, 2026

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পাছতে ছিংগাপুৰত চাঞ্চল্য য়টৰ কেপ্তেইনৰ…

ByByMahesh Malakar May 21, 2026

আজিৰেপৰা আৰম্ভ হ’ল ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন

আজিৰেপৰা আৰম্ভ হ’ল ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশন আজি শপত বাক্য পাঠ…

ByByMahesh Malakar May 21, 2026
Scroll to Top