সোণাপুৰ আৰক্ষীৰ জালত ৫ জনীয়া ডকাইটৰ দল।

সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে যোৰাবাট আৰক্ষীৰ সহযোগত সোণাপুৰ আৰক্ষী থানাৰ অধীনৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৫ জনীয়া এই ডকাইটৰ দলটিক। ডকাইটৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬ টাকৈ মোবাইল ফোন,এটা এয়াৰ গান,ডেগাৰ,কিছু সোণৰ অলংকাৰ আৰু নগদ ধন। তদুপৰি জব্দ কৰিবলৈ সক্ষম হয় ML 10 B7842, আৰু ML 10 B6113 নম্বৰৰ দুখন বাহন।উল্লেখযোগ্য যে চলিত বৰ্ষৰ 24 আগষ্টত সোণাপুৰ আৰক্ষী থানাৰ অধীনৰ ১৩ মাইলত দীপক হাজৰিকা নামৰ এগৰাকী লোকৰ ঘৰত সংঘটিত হৈছিল এক লোমহৰ্ষক ডকাইটিৰ ঘটনা। উক্ত ঘটনাৰ পাছতেই সোণাপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছিল এই সন্দৰ্ভত অনুসন্ধান। যাৰ পৰিপ্ৰেক্ষিতত সোণাপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলাই আজি পুৱা অসম মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটৰ পৰা আটক কৰিবলৈ সক্ষম হয় উক্ত ৫ জনীয়া ডকাইটৰ দলটিক।আটকাধীন ডকাইটকেইটা ক্ৰমে বৰ্ণিহাট ৰাজা বাগানৰ মেক্সপিলকে মাৰাক, মেঘালয় ৰিভয় জিলাৰ বিজয় ঠেংখিও (৪৫), বৰপেটাৰ নুৰ মহম্মদ আলি (৩৬), বৰ্ণিহাট ৰাজা বাগানৰ ট্ৰনিত চাংমা (৩১) আৰু বৰ্ণিহাটৰ তান্দুবস্তিৰ হিলবাৰ্ট চাংমা(৩০) ।আনহাতে উক্ত ডকাইটৰ দলটিক আৰক্ষীয়ে আটক কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰে ভোক্তভোগী পৰিয়ালটি। আৰু ইয়াৰ বাবে সোণাপুৰ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে পৰিয়ালটিয়ে।

Releated Posts

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা চাৰি বাংলাদেশী যুৱতীক গোলকগঞ্জত বিতাৰণ

ভাৰত- বাংলাদেশ সীমান্তৱৰ্তী গোলোকগঞ্জ সহ আন আন সীমান্তৰ সুৰক্ষাৰ দায়িত্ব থকা বিএছএফ দায়িত্বহীনতাৰ বাবে সীমান্তৰ সিপাৰৰ পৰা জাকে…

ByByMahesh MalakarNov 27, 2025

জুবিন গাৰ্গক এজনে হ*ত্যা কৰা হৈছিল

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ত আলোচনা হয়। বিধানসভাৰ শীতকালীন অধিৱেশনৰ…

ByByMahesh MalakarNov 25, 2025

জুবিন গাৰ্গক এজনে হ*ত্যা কৰা হৈছিল

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ত আলোচনা হয়। বিধানসভাৰ শীতকালীন অধিৱেশনৰ…

ByByMahesh MalakarNov 25, 2025

মহানগৰীত পূৰ্বোদয় ভৱনত এগৰাকী পৰ্টেল সাংবাদিকৰ চ*ৰ*ম সিদ্ধান্ত

গুৱাহাটীত ঘটিছে এক চাঞ্চল্যকৰ ঘটনা। খ্ৰীষ্টানবস্তিত এগৰাকী যুৱতী সাংবাদিকে কৰিলে আত্মহত্যা। এটা পৰ্টেলত কৰ্মৰত আছিল যুৱতীগৰাকী। চৰম সিদ্ধান্ত…

ByByMahesh MalakarNov 24, 2025
Scroll to Top