সোণাপুৰ আৰক্ষীৰ জালত ৫ জনীয়া ডকাইটৰ দল।

সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে যোৰাবাট আৰক্ষীৰ সহযোগত সোণাপুৰ আৰক্ষী থানাৰ অধীনৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৫ জনীয়া এই ডকাইটৰ দলটিক। ডকাইটৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬ টাকৈ মোবাইল ফোন,এটা এয়াৰ গান,ডেগাৰ,কিছু সোণৰ অলংকাৰ আৰু নগদ ধন। তদুপৰি জব্দ কৰিবলৈ সক্ষম হয় ML 10 B7842, আৰু ML 10 B6113 নম্বৰৰ দুখন বাহন।উল্লেখযোগ্য যে চলিত বৰ্ষৰ 24 আগষ্টত সোণাপুৰ আৰক্ষী থানাৰ অধীনৰ ১৩ মাইলত দীপক হাজৰিকা নামৰ এগৰাকী লোকৰ ঘৰত সংঘটিত হৈছিল এক লোমহৰ্ষক ডকাইটিৰ ঘটনা। উক্ত ঘটনাৰ পাছতেই সোণাপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছিল এই সন্দৰ্ভত অনুসন্ধান। যাৰ পৰিপ্ৰেক্ষিতত সোণাপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলাই আজি পুৱা অসম মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটৰ পৰা আটক কৰিবলৈ সক্ষম হয় উক্ত ৫ জনীয়া ডকাইটৰ দলটিক।আটকাধীন ডকাইটকেইটা ক্ৰমে বৰ্ণিহাট ৰাজা বাগানৰ মেক্সপিলকে মাৰাক, মেঘালয় ৰিভয় জিলাৰ বিজয় ঠেংখিও (৪৫), বৰপেটাৰ নুৰ মহম্মদ আলি (৩৬), বৰ্ণিহাট ৰাজা বাগানৰ ট্ৰনিত চাংমা (৩১) আৰু বৰ্ণিহাটৰ তান্দুবস্তিৰ হিলবাৰ্ট চাংমা(৩০) ।আনহাতে উক্ত ডকাইটৰ দলটিক আৰক্ষীয়ে আটক কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰে ভোক্তভোগী পৰিয়ালটি। আৰু ইয়াৰ বাবে সোণাপুৰ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে পৰিয়ালটিয়ে।

Releated Posts

জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে

জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰঘোষণা ফাষ্টট্ৰেক আদালতৰ এতিয়াৰে পৰা…

ByByMahesh Malakar May 26, 2026

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন অভিযুক্তই গোচৰটোৰ পৰা অব্যাহতি বিচাৰি কৰা আবেদনৰ দিব ৰায় ন্যায়াধীশ…

ByByMahesh Malakar May 26, 2026

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পাছতে ছিংগাপুৰত চাঞ্চল্য য়টৰ কেপ্তেইনৰ…

ByByMahesh Malakar May 21, 2026

এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী

এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী জামিন বিচাৰি আৱেদন শেখৰজ্যোতি গোস্বামীৰ নিৰ্বাচন অন্ত পৰাৰ লগে…

ByByMahesh Malakar May 18, 2026
Scroll to Top