শ্ৰীভূমি জিলাত গৰজি উঠিল আৰক্ষীৰ বন্দুক। গুলীবিদ্ধ দিলোৱাৰ হুছেইন নামৰ এজন লোক। দীৰ্ঘদিনে বাংলাদেশী নাগৰিকক ভাৰতত প্ৰৱেশত সহায় কৰাৰ অভিযোগ দিলোৱাৰৰ বিৰুদ্ধে। পাথাৰকান্দিৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশীৰ প্ৰৱেশত সহায় কৰিছিল। আজি আৰক্ষীৰ এটা দলে সীমান্তত কৰায়ত্ত কৰিছিল দিলোৱাৰক। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈ আৰক্ষীৰ বন্দুক কাঢ়ি নিয়াৰ চেষ্টা কৰোঁতে গুলীবিদ্ধ দিলোৱাৰ। ঘটনাটোত আহত হৈছে এজন আৰক্ষী।